Burhi Aair Sadhu, meaning “Grandmother’s Tales,” stands as a compilation of stories and folklore curated by the renowned Assamese author and poet, Lakshminath Bezbaruah. It holds a significant place in Assamese literature, cherished by many. Comprising a total of 30 captivating narratives, this blog endeavours to present the entire collection in Assamese, solely for educational purposes. Our aim is to facilitate easy access to these timeless tales of Burhi Aair Sadhu for readers. We assert that any unintentional copyright infringement will be promptly addressed upon notification.
Silonir Jiyekor Xadhu – The Tale of the Kite’s Daughter
চিলনীৰ জীয়েকৰ সাধু
এখন দেশত এটা কুমাৰ আছিল। তাৰ অনেক ধন-বস্তু আছিল; কিন্তু ল’ৰা নাছিল। তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে পাইছিল। এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ। কিছুদিনৰ মূৰত ঘৈণীয়েক আকৌ গা-ভাৰী হ’লত কুমাৰে ঘৈনীয়েকক ক’লে, “যদি এইবাৰো তই ছোৱালীকেহে পাৱ, তেন্তে মই ঠিক কৈছোঁ তোক নগাক বেচিম।” গিৰীয়েকৰ কথা শুনি ঘৈণীয়েকে বৰ ভয় খালে। ল’ৰা পাবৰ ওচৰা-ওচৰি হ’লত কুমাৰৰ ঘৈণীয়েক মাকৰ ঘৰলৈ গ’ল। কিন্তু কি দুৰ্কপাল, এইবাৰো তাইৰ ছোৱালী এজনীহে উপজিল। ছোৱালী ওপজা দেখি ভয়ত কুমাৰণীৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। সেইদেখি তাইৰ গিৰীয়েকে বুজি পোৱাৰ আগেয়েই তাই তেতিয়াই লৰালৰিকৈ ছোৱালীজনীক এটা চৰুত ভৰাই ফটাকানিৰে ঢাকি-ঢুকি আন এটা চৰুৰে তাৰ ওপৰত সাঁফৰ দি নৈত উটুৱাই দিলে।
চৰুটো নৈত উটি গৈ আছে, এনেতে নৈৰ পাৰত কাপোৰ ধুই থকা ধোবা এটাই চৰুটো দেখি তাত কি আছে চাওঁ বুলি সাঁতুৰি গৈ সাঁফৰটো মেলি দেখিলে,- নকৈ হোৱা কেঁচুৱা ছোৱালী এজনী তাত ভৰাই কোনোবাই উটুৱাই দিছে| ধোবাটোৱে ছোৱালীজনী তুলি ল’বৰ মনেৰে সাঁফৰটো গুচাই চৰুটো ধৰি লাহে লাহে সাঁতুৰি বামৰ ফালে টানি আনোঁতেই, হঠাত এজনী চিলনীয়ে থাপ মাৰি চৰুটোৰ পৰা ছোৱালীজনী লৈ গুচি গ’ল| এজোপা আঁহত গছৰ আগত চিলনীজনীৰ বাঁহ আছিল| তাই ছোৱালীজনী সেই বাঁহতে থ’লেগৈ| কণমান ৰূপহী ছোৱালীটি দেখি চিলনীৰ বৰ মৰম লাগিল| সেই দেখি তাই ছোৱালীজনী তুলি-তালি ডাঙৰ-দীঘল কৰিবলৈ মনতে ঠিক কৰিলে|
দিনৌ চিলনীয়ে য’ৰে পৰা যি ভাল খোৱা-বস্তু পায় থাপমাৰি লৈ আহি ছোৱালীজনীক খুৱায়| এইদৰে চিলনীয়ে লাহে লাহে তাইক ডাঙৰ-দীঘল কৰিলে| কাৰোবাৰ ঘৰত ভাল ৰিহা-মেখেলা ৰ’দত শুকাবলৈ মেলি দিয়া দেখিলে চিলনীয়ে সেইবোৰ থাপ মাৰি লৈ আহি জীয়েকক পিন্ধিবলৈ দিয়ে| এদিন ৰজাৰ জীয়েক এজনীয়ে নৈৰ ঘাটতে গাৰ অলংকাৰ-পাতিবোৰ সোলোকাই থৈ নৈত গা ধুবলৈ নামিছিল, এনেতে চিলনীয়ে থাপ মাৰি সেই অলংকাৰবোৰ লৈ গুচি আহি জীয়েকক পিন্ধিবলৈ দিলে| এইদৰে ফণী, আৰ্চি, সেন্দূৰৰ টেমা, তেলৰ বাটি চিলনীয়ে য’তে যি পায় তাকে নি জীয়েকক দিয়ে|
ছোৱালীজনী লাহে লাহে গছৰ ডালতে ডাঙৰ হ’ল আৰু ৰূপত অপেশ্বৰী যেন হ’ল| এদিন চিলনীয়ে জীয়েকক ক’লে, “আই, তই এতিয়া ডাঙৰ হৈছ, মই সদায় তোক অকলে এৰি থৈ দূৰলৈ যাওঁ, সেইদেখি তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ ভয় লাগি থাকে| আজিৰপৰা মই গ’লে তোৰ ভয়-চয় লাগিলে বা থিতাতে লগা হ’লে তই মোক এইদৰে মাতিবি, মই ততালিকে উৰি আহি তোৰ আগতে পৰিম-
“আহঁতৰ পাত লৰে কি চৰে|
চিলনী আই মোৰ আগতে পৰে||”
এদিন দুপৰীয়া চিলনীৰ জীয়েকে গছৰ ডালতে বহি মূৰ আঁচুৰিছে| এনেতে এটা সদাগৰ সেইপিনেই ক’ৰবালৈ যাওঁতে ৰ’দত ভাগৰ লাগি সেই গছজোপাৰ তলতে জিৰাবলৈ বহিল| সেইডোখৰ ঠাইত জনপ্ৰাণী নাই| ক’ৰবাৰ পৰা এডাল চুলি উৰি আহি সদাগৰৰ কোলাতে পৰিল| সদাগৰে চুলিডাল দেখি আচৰিত মানি তুলি লৈ, বৰ দীঘল যেন দেখি জুখি চালে| চুলিডাল সাতহাত দীঘল| সদাগৰে ক’ৰপৰা ইমান দীঘল চুলিডাল আহিল বুলি চাৰিওফালে চাই একো নেদেখিলে| এনেতে গছৰ ওপৰলৈ সদাগৰৰ চকু গ’ল| তেওঁ দেখিলে এজিনী দীপলিপ ছোৱালীয়ে ডালতে বহি চুলি আঁচুৰিব লাগিছে| সদাগৰে আচৰিত মানি ছোৱালীজনীৰ ফাললৈ চাই মাত লগালে, “তুমি কোন? দেৱতা নে মানুহ? নে অপেশ্বৰী? নে যখিনী কোন কোৱা? তুমি এই ভৰ-দুপৰীয়া গছৰ ডালত কিয় বহি আছা?” ইয়াৰ আগেয়ে ছোৱালীজনীয়ে কেতিয়াও মানুহ দেখা নাছিল; সেইদেখি ভয় খাই কি উত্তৰ দিব একোকে থিৰ কৰিব নোৱাৰি মাকক বিনাই মাতিলে|
“আগলি কলপাত পাত লৰে কি চৰে|
চিলনী আই মোৰ আগতে পৰে||”
এই দৰে মতা মাত্ৰকে চিলনী ক’ৰবাৰ পৰা উৰি আহি জীয়েকৰ আগতে পৰিল| “আই মোক কিয় মাতিছ?” বুলি চিলনীয়ে সুধিলত জীয়েকে গছৰ তলত থকা মানুহটোলৈ মাকক আঙুলিয়াই দেখুৱালে| চিলনীয়ে ডেকা আৰু ধুনীয়া সদাগৰক দেখিয়েই মনে মনে ভাবিলে, যদি এই মানুহটো ভাল হয়, তেন্তে এওঁলৈকে মোৰ ছোৱালীজনী বিয়া দিব পাৰিলে ভাল হ’ব| ইয়াকে ভাবি তললৈ আহি চিলনীয়ে সদাগৰক আগৰে পৰা গুৰিলৈকে জীয়েকৰ সকলো কথা ভাঙি-পাতি ক’লে| সদাগৰে চিলনীক কলে যে, “মোৰ অনেক ধন-বস্তু আছে, মই চহকী মানুহ| কিন্তু মোৰ এতিয়া সাতজনী ঘৈণী আছে, তুমি যদি সইবাবে কোনো আপত্তি নকৰি তোমাৰ জীয়েৰাক মোলৈ বিয়া দিয়া, তেনেহ’লে মই নিশ্চয়কৈ কৈছোঁ যে তাইক মই সুখে সন্তোষে ৰাখিম, কেতিয়াও দুখ নিদিওঁ|” সদাগৰৰ কথা শুনি চিলনীয়ে অনেক ভাবি-চিন্তি জী্য়েকক সদাগৰলৈকে দিবলৈ মান্তি হ’ল, আৰু জীয়েকক ভালে মান বুজাই-বঢ়াই নমাই আনি সদাগৰৰ হাতত সমৰ্পণ কৰিলে| চিলনীয়ে কান্দি কাটি কাকূতি-মিনতি কৰি সদাগৰক ক’লে, যেন ছোৱালীটিক তেঁও দুখ নিদিয়ে আৰু জীয়েককো ক’লে, “আই, মোক তোৰ লগা হ’লে, শিকাই দিয়াৰ দৰে মাতিলেই মই তোৰ আগতে পৰিমগৈ|”
ইয়াৰ পিছত সদাগৰে চিলনীৰ জীয়েকক ঘৰলৈ আনি বৰ মৰম-চেনেহ কৰি ৰাখিলে| কিন্ত সদাগৰৰ আগৰ সাতজনী ঘৈণীয়েকে চিলনী জীয়েকৰ ৰূপ দেখি ভাবিলে যে এনে ৰূপহী ঘৈণীয়েক পাইছে যেতিয়া সিঁহতক আৰু দেখিব নোৱাৰা হ’ব| ইয়াকে ভাবি সাতোজনীয়ে চিলনীৰ জীয়েকক হিংসা-খিয়াল কৰি দুখ দিবলৈ ধৰিলে|
এদিন সাতজনীয়ে লগ লাগি চিলনীৰ জীয়েকক ক’লে, “তই বৰ অপেশ্বৰী হৈ আহিছ, আমি ঘৰৰ বন-বাৰী কৰি ৰান্ধি-বাঢ়ি দিম, তই বহি বহি খাবি? যা আজি তই ভাত ৰান্ধগৈ|” চিলনী জীয়েকে তাইৰ জীৱনত কেতিয়াও ভাত ৰন্ধা নাই; সেইদেখি কেনেকৈ ভাত ৰান্ধিব লাগে নাজানি একোকে উপায় নাপাই কান্দি কান্দি বাৰীৰ পিছফালে কলনিৰ মাজত বহি ইনাই-বিনাই মাকক মাতিলে,
“আগলতি কলপাত লৰে কি চৰে|
চিলনী আই মোৰ আগতে পৰে ||”
এনেদৰে মতা মাত্ৰকতে চিলনী আহি তাই আগতে পৰিল| “কি হ’ল মোক কিয় মাতিছ?” বুলি জীয়েকক চিলনীয়ে সুধিলত জীয়েকে ক’লে, “আই, মোক সতিনীহঁতে ভাত ৰান্ধিবলৈ কৈছে, মই কেনেকৈ ভাত ৰান্ধিব লাগে নাজানোঁ| নাৰান্ধিলে সিহঁতে গিৰিহঁতক লগাই দি মোক কি কৰোৱাই ঠিক নাই|” মাকে জীয়েকৰ কথা শুনি ক’লে, “আই তই ভয় নকৰিবি, কেনেকৈ ভাত ৰান্ধিবি মই কৈ দিওঁ শুন| এটা চৰুত এচৰুকৈ পানী দি তাতে চাউল এটা পেলাই দিবি আৰু আন এচৰু পানীত এডাল শাক পেলাই দিবি, দি চৰু দুটাৰ তলত এডোখৰ কাঠখৰি দি থৈ তই আখল ঘৰৰ পৰা ওলাই বাহিৰতে বহি থাকিবি; দেখিবি চৰুত অক্ষয় ভাত আঞ্জা হৈ আছে|” এনেকৈ জীয়েকক বুধি দি চিলনী উৰি গুচি গ’ল আৰু জীয়েকে চিলনীয়ে কোৱাৰ দৰেই কৰিলে| ভাত খাবৰ সময়ত সতিনীয়েকহঁতে ভাতৰ পাতৰ তলত একোটা গাঁত খানি লৈছিল, যেই চিলনীৰ জীয়েকে সিহঁতৰ পাতত ভাত দি যায়, তেতিয়াই সিহঁতে সেই ভাত পাতৰ তলৰ গাঁতত পেলাই দি “ভাত ঢুকাল, লৈ আহ” বুলি আকৌ ভাত খোজে| এইদৰে সতিনীয়েকহঁতে যতবাৰ ভাত খোজে ততবাৰ চিলনীৰ জীয়েকে চৰুৰ পৰা ভাত আনি দি থাকে| শেষত সিহঁত হাৰি লাজ পাই উঠি গ’ল|
এদিন সতিনিয়েকহঁতে চিলনী জীয়েকক গোহালি ঘৰ অঁতাবলৈ ক’লে| চিলনীৰ জীয়েকে গোহালি ঘৰৰ ভিতৰ সোমায়েই মাকক মাতিলে-
“আগলি কলপাত লৰে কি চৰে
চিলনী আই মোৰ আগতে পৰে|”
জীয়েকে এইদৰে বিনাই মতা মাত্ৰকতে চিলনী আহি আগত পৰি, “কিয় মাতিছ” বুলি জীয়েকক সুধিলত, জীয়েকে ক’লে, “আই, সতিনীহঁতে মোক গোহালি অঁতাবলৈ কৈছে, কেনেকৈ অঁতাম তোমাক সুধিবলৈ মাতিছোঁ|” মাকে ক’লে, “গোহালি ঘৰৰ ইফালৰ পৰা সিফাললৈ বাঢ়নীৰ কাঠি এডাল বুলাই যা, দেখিবি ঘৰটো চিকণ হৈ পৰিব” এইবুলি কৈ মাক উৰি গ’লত চিলনীৰ জীয়েকে তাকে কৰিলে আৰু সেই দিনা গোহালি ঘৰ আগতকৈ বেছি চাফ হৈ চকমকীয়া হৈ পৰিল| চিলনী জীয়েকৰ এনে সুন্দৰ বন-বাৰী দেখি সদাগৰে তাইক বৰ ভাল পাবলৈ ধৰিলে|
চ’তৰ বিহুৰ ওচৰ চাপিলত সদাগৰে আঠোজনী ঘৈণীয়েকক গাইপতি পাচঁসেৰকৈ কপাহ দি ক’লে, “তহঁতে মই বিহুত পিন্ধিবলৈ চোলা, চুৰিয়া, কাপোৰ, গামোচা বৈ দে আৰু কাৰ কাপোৰ ভালকৈ বোৱা হয় মই চাম|” সাতোজনী ঘৈণীয়েকে গাইপতি লৰালৰিকৈ কপাহবোৰ লৈ চন্দিয়াই, নেওঠি, পাঁজি বাটি, সূতা উলিয়াই কাপোৰ ব’বলৈ লাগি গ’ল; কিন্ত চিলনীৰ জীয়েকে একো কৰিব নাজানি আমন-জিমনকৈ বহি থাকিল| সতিনীয়েকহঁতে ভাবিলে এইবাৰ চিলনী জীয়েক ঠেকত পৰিল| তাইতো একোকে নাজানে, কেনেকৈ গিৰিয়েকৰ কাপোৰ বৈ দিয়ে দেখিম| চিলনীৰ জীয়েকে বাৰীৰ পিচফালে গৈ মাকক আগৰ দৰে বিনাই মাতিলত মাক আহি আগতে পৰি জীয়েকক সুধিলে, “কি কথা, কিয় মাতিছ?” জীয়েকে কাপোৰ বোৱাৰ কথা ক’লত চিলনীয়ে জীয়েকক ক’লে, “আই তই চিন্তা নকৰিবি, তই তোৰ গিৰিয়েৰক কাপোৰ দিব পাৰিবি| চাৰিটা বাঁহৰ চুঙাত এজোলাকৈ কপাহ সুমুৱাই চুঙাকেইটাৰ মুখত সোপা দি থৈ দে, বিহুৰ দিনা যেতিয়া তোৰ গিৰিয়েকে কাপোৰ খুজিব, তেতিয়া তই চুঙা চাৰিটা আনি গিৰিয়েৰৰ হাতত দিবি|” এই বুলি চিলনী উৰি গুচি গ’লত, জীয়েকে চাৰিটা চুঙা আনি চাৰিজোলা কপাহ মাকে কোৱাৰ দৰে ভৰাই সোপা দি থৈ দিলে| সতিনীয়েকহঁতে লচপচকৈ কাপোৰ বৈছে আৰু চিলনী জীয়েকে একো নকৰাকৈ কপাহবোৰ পেলাই থৈছে দেখি সিহঁতে পেটে পেটে ৰং পাই ভাবিছে, “এই বাৰ বান্ধৈ পৰিল ফান্দত| এইবাৰ চিলনীৰ জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে|”
বিহুৰ দিনা সাতোজনী ঘৈণীয়েকে নিজৰ নিজৰ কাপোৰ, গামোচা, চোলা, চুৰিয়া উলিয়াই গিৰিয়েকৰ হাতত দিলে আৰু চিলনীৰ জীয়েকে মাথোন চুঙা চাৰিটা দিলে| সতিনিয়েকহঁতে চিলনীৰ জীয়েকে চুঙা চাৰিটা গিৰিয়েকৰ হাতত দিয়া দেখি ঢেক্ঢেক্ কৰে হাঁহিবলৈ ধৰিলে| সদাগৰেও খঙত চকু ৰঙা কৰি চিলনী জীয়েকক সুধিলে, “এইবোৰ কি দিছ? তোৰ কাপোৰ ক’তা?” তাই ক’লে, “চুঙাকেইটা মেলি চাওক|” সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ সাঁফৰ মেলিলত সুন্দৰ চোলা-চুৰিয়া, পাটকাপোৰ আৰু গামোচা ওলাই পৰিল আৰু সেইবোৰ ইমান বঢিয়া আৰু মিহি যে সেইবোৰৰ আগত সতিনীয়েকহঁতৰবোৰ শোটাকানি বুলিলেই হয়| সদাগৰে সেইদেখি খঙত সাতোজনীয়ে দিয়া কাপোৰবোৰ ডোখৰ ডোখৰ কৰি কাটি দলিয়াই পেলাই দি চিলনীৰ জীয়েকে দিয়াবোৰ পিন্ধিলে|
লাহে লাহে সতিনীয়েকহঁতে গম পালে যে এজনী চিলনী আহি তাইক এনেদৰে বুধি দি যায়| ইযাকে গম পাই সিহঁতে চিলনীজনীক মাৰিবলৈ বুলি বুধি আলচিলে| তাই কি বুলি চিলনীজনীক মাতে সেইটো সিহঁতৰ ভিতৰৰ এজনীয়ে চোপা দি লুকাই থাকি শিকি লৈ এদিন গোহালি ঘৰৰ ভিতৰত সোমাই চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলত, চিলনীজনী আহি তাইৰ আগত পৰিল| তেতিয়াই তাই চিলনীজনীক পূৰ্ণহতীয়াকৈ বাঢ়নীৰে কোব মাৰি, মাৰি পেলাই গোবৰৰ তলত পুতি থ’লে| চিলনীৰ জীয়েকে এই কথাৰ শুং-সূত্ৰকে নাপালে| ইয়াৰ পিচত চিলনীৰ জীয়েকে মাকক ইনাই-বিনাই কতবাৰ মাতিলে, কিন্তু মাক আৰু ক’ৰ পৰা আহিব? সতিনিয়েকহঁতে কিবা বুধি কৰি চিলনীজনী মাৰিলে বুলি তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে|
ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল| যাবৰ সময়ত সদাগৰৰ সাতোজনী ঘৈণীয়েকক দঢ়াই দঢ়াই ক’লে, সিহঁতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে|
এদিন মুদৈ এটাই ফণি, আৰ্চি, সেন্দূৰ, খুৰীবাটি, গোন্ধতেল আদি বেচিবলৈ বুলি সদাগৰ ঘাটতে তাৰ নাও বান্ধিলেহি| সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতৰ চকুৰ কুটা, দাঁতৰ শাল চিলনীৰ জীয়েকক সেই মুদৈটোলৈ বেচিবলৈ মনে মনে আলচি মুদৈটোৰ পৰা কিছুমান বস্তু কিনি সেইবোৰৰ বেচৰ বাবে তাক এজনী ৰূপহী ছোৱালী দিম বুলি ক’লে| এই ছোৱালীজনীৰ ৰূপ-গুণ সিহঁতে মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে মুদৈৰ লোভ লাগি বস্তুৰ বেচত মাৰি ছোৱালীজনীকে লৈ যাবলৈ সি মান্তি হ’ল| চিলনীৰ জীয়েকক সতিনীয়েকহঁতে ক’লে, “আমাৰ ঘাটত এটা মুদৈয়ে এনাও বঢ়িয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি| আমি চাই-মেলি তাৰপৰা কিছুমান বস্তু কিনি আনোগৈ আহ|” চিলনীৰ জীয়েকে ক’লে, “বাইহঁত, মোক একো নালাগে| তোমালোকেই যোৱা, মই নাযাওঁ| মোক তেখেতে ক’লৈকো যাবলৈ হাক দি গৈছে|” সিহঁতে তাইক নানা ৰকমে বুজাই নেৰানেপেৰাকৈ ধৰাত শেষত তাই থেৰোগেঁৰোকৈ সিহঁতৰ লগতে গৈ ঘাট পালেগৈ| সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈৰ নাৱত তুলি দিলত, মুদৈয়ে আগেয়ে সিহঁতৰ সৈতে আলচি থোৱা মতে থপ কৰে নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গ’ল|
মুদৈয়ে চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ| তাত চিলনীৰ জীয়েকক শুকান মাছৰ ৰখীয়া পাতিলে| নৈৰ পাৰতে মুদৈটোৰ ঘৰ| চিলনীৰ জীয়েকে ৰ’দত বহি শুকান মাছ ৰখি থাকোঁতে এনেদৰে বিনাই আছিল-
“কুমাৰণী আয়ে মোক উটুৱাই দিলে| চিলনী আয়ে মোক দাঙি ধৰিলে| সাউদৰ কোঁৱৰে মোক বিয়া কৰালে| সাত সতিনীয়ে মোক ডোমত বেচিলে| ডোমে মোক শুকান মাছ ৰখীয়া কৰিলে|”
চিলনীৰ জীয়েকে এইদৰে বিনাই শুকান মাছ ৰখি থাকোঁতে সেইপিনে সদাগৰ নাৱেৰে উজাই ঘৰলৈ উভতি আহিছিল| দূৰৰ পৰা এই বিননি শুনি সদাগৰে সেইখিনিতে নাও ৰাখি চিলনীৰ জীয়েকৰ ওচৰলৈ গৈ, তাইৰ কি হৈছে, কিয় কান্দিছে বুলি সুধিলত, সকলো কথা ভাঙি তাই সদাগৰক ক’লে| তেতিয়া সদাগৰে তাইৰ আগত নিজৰ চিনাকি দি তাইক নাৱত তুলি গা-পা ধুৱাই ন ৰিহা-মেখেলা পিন্ধাই লৈ গুচি আহিল| নাৱতে চিলনীৰ জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত সুমুৱাই থৈ তাই উশাহ ল’বলৈ পেৰাটোত এটা বিন্ধা কৰি দিছিল| সদাগৰে ঘৰ পাই তেওঁৰ আনবোৰ বয়-বস্তুৰে সৈতে পেৰাটোও তেঁওৰ শোৱনি ঘৰত সুমুৱাই থ’লে| সাতোজনী ঘৈণীয়েকক আগত দেখি সদাগৰে সুধিলে, “তহঁতৰ এটাইকেইজনীক দেখিবলৈ পাইছোঁ, কিন্তু চিলনীৰ জীয়েকক নাই পোৱা কিয়?” সিহঁতে উত্তৰ দিলে, “তাই আজি ভালেমান দিন হ’ল, মাকৰ ঘৰলৈ গ’ল, উভতি অহাই নাই|” এই কথা শুনি সদাগৰে সিহঁতক ক’লে, “মোৰ মনে ধৰিছে, তহঁতে তাইক কিবা এটা কৰিলি| বাৰু তহঁতে সঁচা কথা কৈছ নে মিছা কথা কৈছ মই তহঁতক এতিয়াই পৰীক্ষা কৰিম” এইবুলি এটা দ গাঁত খনাই তাত জেং আৰু কাঁইট পুতি এডাল এৱাঁসূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি দি ঘৈণীয়েকহঁতক ক’লে, “যি এই সূতাৰ ওপৰেদি বগাই যাব পাৰিবি, সিয়েই নিৰ্দোষী বুলি জানিম|” এজনী এজনীকৈ ছজনী ঘৈনীয়েকে এৱাঁ সূতাৰ ওপৰেদি গৈ সূতা ছিগি গাঁতত পৰি মৰিল, কিন্তু সপ্তমজনী নপৰিল| সেইজনীয়ে সেই সূতাইদি সাত বাৰ অহা-যোৱা কৰিলে তথাপি সূতাডাল নিছিগিল| কাৰণ তাই সঁচাকৈয়ে চিলনীৰ জীয়েকক বেচাৰ কথা একো নাজানিছিল| আন সতিনীয়েকহঁতে সেই কাম কৰোঁতে তাই ভাত ৰান্ধিছিল|
ইয়াৰ পিছত সদাগৰে তেওঁৰ সেই ছজনী ঘৈনীয়েকক গাঁততে মাটি দি পুতি থ’লে আৰু চিলনীৰ জীয়েকক পেৰাৰ পৰা উলিয়ালে| তাৰ পিছত চিলনীৰ জীয়েক অৰু সপ্তমজনী ঘৈণীয়েকৰ সৈতে সদাগৰে গৃহবাস কৰি সুখত কাল কটাবলৈ ধৰিলে|
আমাৰ কাপোৰ-কানি ক’লা হ’ল, আমি ঘৰলৈ গুচি আহিলো|
Burha-Buri aru Xial – The Old Man, the Old Woman and the Fox
বুঢ়া-বুঢ়ী আৰু শিয়াল
এহাল বুঢ়া বুঢ়ী আছিল| এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে, এনেতে কেইটামান শিয়ালে আহি বুঢ়াক মাত লগালে, “ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে?” বুঢ়াই উত্তৰ দিলে, “বোপাহঁত, মই কচু কেঁচাই ৰুইছোঁ|” শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক’লে, “ককা, আপুনি কচু ৰুব জনা নাই; কচুবোৰ আগেয়ে সিজাই লওক| আৰু য’ত ৰুব গাঁত একোটা দি ঢাকি থৈ যাওক, দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে|” সিহঁতৰ কথা শুনি বুঢ়াই ক’লে, “বাৰু মোৰ বোপাহঁত, তহঁতৰ কথামতেই মই কচু ৰুম|”
গধূলি বুঢ়াই এটাইবোৰ কচু সিজাই শিয়ালৰ বুধিমতেই ৰুই থ’লে| ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ আনন্দ কৰি খাই গুছি গ’ল| পিছদিনা বুঢ়াই ৰাতিপুৱাই কচুবাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই| তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তল-মূৰকৈ বহিল|
ইয়াৰ কিছুদিনৰ পিছত বুঢ়াই এটা বুধি সাজি বুঢ়ীক ক’লে, “বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালী-গুড় ঢালি থ| গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই-বিনাই বুঢ়া মৰিল বুলি কান্দিবি| তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোক ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ ক’বি| মোৰ ওচৰতে টাঙোন এডাল লুকুৱাই থ’বি| সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰ সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি, দিলেই মই গিৰিস্ কৰি উঠি টাঙোনডাল লৈ সিহঁতক কোবাই মাৰিম|” বুঢ়াৰ কথামতেই বুঢ়ীয়ে কৰিলত শিয়ালবোৰে বুঢ়ীক সুধিলেহি, “আই, কান্দিছ কিয়? কি হৈছে?” বুঢ়ীয়ে ক’লে, “বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেইবাবে কান্দিছো| তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ|” বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰ সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে আৰু বুঢ়াই একেচাবেই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে; মাত্ৰ সিহঁতৰ ভিতৰত চাৰিটা শিয়াল কেনেবাকৈ পলাই সাৰিল|
কেইদিনমানৰ মূৰত এদিন বুঢ়ীয়ে ক’লে, “মই ভালেমান দিন শিয়ালৰ ভয়ত ক’লৈকো ওলোৱা নাই; জী-জনীৰ ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলিছোঁ; মনটো বেয়া লাগি আছে|” বুঢ়াই ক’লে, “বুঢ়ী, তই গ’লে বাটত শিয়ালবোৰে তোক অকলে পাই খাই পেলাব|” বুঢ়ীয়ে ক’লে, “নোৱাৰে খাব, যাম কোনো মতে|” এইবুলি বুঢ়ী জীয়েকৰ ঘৰলৈ গ’ল| বাটত শিয়ালবোৰে বুঢ়ীক অকলে পাই বেঢ়ি ধৰি ক’লে, “বুঢ়ী, তোক আজি আমি নেৰোঁ, খাম|” বুঢ়ীয়ে উত্তৰ দিলে, “খাব খুজিছ খাবি, কিন্তু আজি মই ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই, মনটো কেনেবা লাগি আছে| সেইদেখি মৰিবৰ আগেয়ে তাইক এবাৰ চাই লওঁ বুলি আহিছো| মই উভতি আহোঁতে তহঁতে মোক খাবি|” শিয়ালে ক’লে, “যদি উভতি নাহ তেন্তে?” বুঢ়ীয়ে উত্তৰ দিলে, “বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম, মোৰ বোপাহঁত| মই সইত খাই কৈছোঁ, এই বাটেদিয়েই মই সোনকালে উভতি আহিম| আৰু তহঁতে মোক যি কৰ কৰিবি|” বুঢ়ীৰ কথাত পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলত, বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ| জীয়েকৰ ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰৰ সৈতে হোৱা সকলো কথা ক’লত জীয়েকে মাকক ক’লে, “আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে| তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ; শিয়ালে তোমাক নেদেখে|” বুঢ়ীয়ে জীয়েকৰ বুধিমতে লাওৰ খোলাটোত সোমাই বাটে বাটে বাগৰি গৈ আছে, এনেতে শিয়ালবোৰে দেখি কোৱাকুই কৰিবলৈ ধৰিলে, “এইটো বৰ আচৰিত কথা, লাওৰ খোলাটো কনেকৈ বাগৰি যাব লাগিছে| ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে|” এইবুলি সিহঁতে লথিয়াই লাওৰ খোলাটো ভাঙি পেলালে| ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল| সিহঁতে বুঢ়ীক দেখি আনন্দত “খেক্ খেক্ হোৱা-হোৱা” কৰিবলৈ ধৰি ক’লে, “বুঢ়ী তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি| এতিয়া কি হ’ব? আমি তোক এতিয়া খামহঁক|” বুঢ়ীয়ে উত্তৰ দিলে, “কি কৰিম, খাব খুজিছ খাবি; কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ| মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব| সেইদেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাওঁ| তাৰ পিছত তহঁতে মোক খাবি|” বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হ’লত বুঢ়ীয়ে ক’লে, “মই নাম লগাই দিওঁ, তহঁতে হয় হয় কৰি যাবি, তেহে আকৌ মোৰ ভালকে গাটো উঠিব|” এইখিনিতে কওঁ যে বুঢ়ী লাওৰ খোলাটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল| বুঢ়ীৰ দুটা কুকুৰ আছিল| এটাৰ নাম আছিল ৰঙা, আনটোৰ নাম ক’লা| বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে, “ৰঙা ঔচ! ক’লা ঔচ!” শিয়ালবোৰে মাতিলে, “হয় হয়|” এইদৰে বাৰচেৰেক বুঢ়ীয়ে “ৰঙা ঔচ! ক’লা ঔচ!” বুলিলত ৰঙা আৰু ক’লা কুকুৰ দুটা তাত লৰি ওলালহি| কুকুৰ দুটা দেখিয়েই শিয়ালবোৰে পিয়াপি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল| আমাৰ কাপোৰ-কানি ক’লা হ’লত আমিও গুচি আহিলোঁ|
Kotajuwa Naak Kharoni di Dhak
কটা যোৱা নাক, খাৰণী দি ঢাক
এক ৰজাৰ সাতোটা কোঁৱৰ আছিল আৰু কোঁৱৰেটাৱে প্ৰতি একোজনীকৈ কুঁৱৰী আছিল| কুঁৱৰীহঁতে সদায় গধূলি ভাত-পানী খোৱাৰ সময়লৈকে একেখন মজিয়াতে বহি সূতা কাটে আৰু তাত ভৰস্তৰ কথা-উজাৰি মনৰ ভাগৰ পলুৱায়| যঁতৰৰ কেৰ্কেৰণিৰ লগে লগে সিহঁতৰ শাক-খোৱা, ভাত-খোৱা, মাছ-খোৱা সকলো কথাই ওলাই পৰে|
চ’ত মাহ পৰিল| আজিৰ বাজে কাইলৈ ব’হাগ বিহু| বৰ বিহুৰ দিনা গা-পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল’ৰা-ছোৱালীক আৰু গিৰীয়েকক অতি কমেও এডুখৰি নিজে বোৱা ন-কাপোৰ সিহঁতে নিদিলেই নহয়, মিতিৰ-কুটুম, লা-লগুৱাবোৰৰতো কথাই নাই| সেইদেখি কুঁৱৰীহঁতৰ গাত তৰণিয়েই নাই- কেনেকৈনো ফুলাম গমোচা বওঁ, কেনেকৈ এখন মিহি সূতাৰ চুৰিয়া বওঁ, কেনেকৈ এখন চেলেং বওঁ, এইবোৰ ভবিয়েই সিহঁত অস্থিৰ| সিহঁতে দিনৰ দিনটো তাঁত বৈ ৰাতি এপৰলৈকে পাঁজি বাটে, সূতা কাটে, মহুৰা ফুৰায়| আজি সাতোজনী কুঁৱৰীয়ে নিজৰ নিজৰ যঁতৰ আগত লৈ কোনোৱে বা দীঘৰ, কোনোৱে বা বাণিৰ সূতা কাটিছে| বিহু পলেহিয়েই বুলিব লাগে| বৰজনীয়ে মজুজনীক মাত লগালে, “ৰুকুণীৰ মাক, তই এইবাৰ বিহুৰ কেইদিন আগেয়ে মাৰৰ ঘৰলৈ যাবি? মই হ’লে উৰুকাৰ দিনাহে যাম, মোৰ বহুতো লেঠা, তাৰ আগেয়ে মাৰি অঁতাব নোৱাৰিম| তাৰ উপৰিও ল’ৰা-ছোৱালী এমখা লৈ আইৰ ঘৰতনো কিমান দিন থাকিমগৈ, ভাল নেলাগে চোন| তহঁত তিনি-চাৰি দিনৰ আগেয়ে যাঁহক, মই আগেয়ে ল’ৰা-ছোৱালীৰ মাইকী নোহোৱাত দহ-বাৰ দিনৰ আগেয়েই গৈছিলোঁ| আৰু আমাৰ সেইদিন নাই, আমাৰ খোলা উঠিল|” ৰুকুণীৰ মাকে ক’লে, “এৰা বাই, মোৰ চোন একেই গতিয়েই; তোমাতকৈ অলপহে কম| তেও মই দুদিনৰ আগেয়ে যাম বুলি ভাবিছোঁ| তই কেইদিনৰ আগেয়ে যাবি গঙাইৰ মাক?” গঙাইৰ মাকে উত্তৰ দিলে, “মই তিনিদিনমানৰ আগেয়ে যাম বুলি ভবিছোঁ|” গঙাইৰ মাকৰ পিছৰজনীয়ে ক’লে, “মই হ’লে চাৰিদিনৰ আগেয়ে যাম; আৰু একেবাৰে গা খালি হ’লেহে আহিম| গোসাঁয়ে দোমাহীৰ যোৰাত একো বিঘিনি নঘটালেই ভাল হয়| উস্ মোৰ সোণামোৱা থকাহেঁতেন! সি মোমায়েকৰ ঘৰত কি ৰঙেৰেই বিহু খাবলৈ গ’লহেতেন| কণা গোসাঁইৰ মোতেহে চকু পৰিল|” এনেতে ধনঞ্জয়ৰ মাকে মাত লগালে, “মই পাঁচদিনৰ আগেয়ে যাম|” সৰু মাজিজনীয়েও টপৰাই মাতিলে, “ময়ো পাঁচদিনৰ আগেয়েহে যাম, আৰু মোমায়েকৰ ঘৰতে মোৰ চন্দৰৰ মুখত ভাত দিম|”
এটাইকেউজনীয়ে এনেদৰে কথা পাতিছে, কিন্তু এটাইতকৈ সৰুজনীয়ে একো নামাতি তললৈ মূৰ কৰি সূতা কাটি আছে আৰু একোটা হুমুনিয়াহ কাঢ়িছে| ইয়াকে দেখি মাজুজনীয়ে চেনেহৰ মাতেৰে ক’লে, “আমাৰ সৰু জাক মোৰ লগতে আইৰ ঘৰলৈ লৈ যাম দিয়া|” এই কথা শুনি সৰু জাকে ক’লে, “নেলাগে বাই, মই ইয়াতে শাহুৱে যি দিয়ে, শাকেৰেই হওক বা শোকোতাৰেই হওক, বিহু খাম, ক’লৈকো নযাওঁ বাই|” এই কথা শুনি বৰজনীয়ে ক’লে, “কিয়নো নেযাও আই হেৰ’? তোৰ মাৰ নাই, বাপেৰে নাই, ককায়েৰ নাই, ভায়েৰ নাই, নাইতো নাই কোনোৱে নাই, আমি এটাইকেইজনীয়েই আই-বোপাইৰ ঘৰলৈ বিহু খাবলৈ যাম, তইনো অকলে ইয়াত থাকিবিনে? গোসাঁয়ে যেতিয়া তোক এনেকোৱা নিঠৰুৱা কৰিছে, কি কৰিবি মোৰ আই? বেজাৰ কৰিলে কি হ’ব? তোক ইয়াতে অকলে এৰি যাবলৈ আমাৰ বৰ বেয়া লাগিব|”
কাইলৈ ব’হাগৰ বিহু, আজি উৰুকা| বাটে-পথে মানুহ হো-হো কৰে আহিছে, হো-হো কৰে গৈছে, কাৰো গাত তত-ভত নাই| গৃহস্থৰ ঘৰৰ বোৱাৰী জীয়ৰী মাকৰ ঘৰলৈ যোৰাই যোৰাই যাব লগিছে| এনেতে আবেলি এটা লহঙা মানুহে ৰজাৰ হাউলি সোমাই ৰজাৰ ঘৈণীয়েকক মাত লগাই ক’লে, “আমৈ, মই আমাৰ আইটীক নিবলৈ আহিছোঁ|” ৰাণীয়ে আচৰিত মানি চকু থিয়কৈ সুধিলে, “কাক?” সি উত্তৰ দিলে, “আপোনাৰ সৰুজনী বোৱাৰীয়েকেক|” ৰাণীয়ে ক’লে, “তাইৰতো কোনো নাই| তই আকৌ ক’ৰপৰা ওলালিহি?” সি ক’লে, “নহয় আমৈ, মই সৰুতে আই-বোপাইৰ লগৰ পৰা গৈ মোমাইৰ ঘৰত আছিলোগৈ| পিছে আই-বোপাই ঢুকালত, মই তাৰপৰা বস্তু-বেহানি সোপাকে লৈ গৈ মোমাইৰ গাঁৱতে ন-কৈ ঘৰ-বাৰী সাজি বিয়া-বাৰু কৰাই থিতাপি লৈ আছোঁ| কাইলৈ বিহু, সেইদেখি মই মোৰ ভনীটিক লৈ যাবলৈ আহিলোঁ| ক’তনো আছে?” ৰাণীয়ে উত্তৰ দিলে, “ভিতৰত আছে, আহিব এতিয়া| হওঁতে যদি সঁচাহে বৰ ভাল কথা| আন এটাইকেইজনী বোৱাৰী মাকহঁতৰ ঘৰলৈ গ’ল| এইজনী যাবলৈ ঠাই নাই বুলি মই মনতে অসন্তোষহে কৰি আছোঁ|”
এনেতে ভিতৰৰপৰা সৰু বোৱাৰীয়েক ওলাই আহিল| শাহুৱেকে বোৱাৰীয়েকক সকলো কথা ক’লত বোৱাৰীয়েক আচৰিত হ’ল| তাই কোনোমতেই তাইৰ ককায়েক এটা আছে বুলি স্বীকাৰ নকৰে আৰু তাৰ লগত যাবলৈ মান্তি নহয়| কিন্তু সেই মানুহটোৱে নানা ছলাহী কথাৰে মিঠা মিঠাকৈ মৰম লগাই নানা কথা কোৱাত শাহুৱেকে তাৰ কথা পতিয়াই বোৱাৰীয়েকক যাবলৈ কোৱাত বোৱাৰীয়েকে যাওঁ-নাযাওঁকৈ অন্তত তাৰ লগত গ’ল|
সিহঁত দুয়ো গৈ বহুত পৰৰ পিছত এখন হাবিৰ ভিতৰ সোমাই এটা ঘৰ পালেগৈ| সেই ঘৰটোত সি সৰু কুঁৱৰীক সুমুৱাই ক’লে, “এইটো মোৰ ঘৰ| কাইলৈ তোৰ লগত মোৰ বিয়া হ’ব| এতিয়া তই ইয়াতে খাই-বৈ শুই থাক|” এইবুলি সি বুঢ়ী এজনী মাতি “আই, তই এইক চাবি, মই বিয়াৰ বস্তু গোটাবলৈ যাওঁ” বুলি কৈ গুচি গ’ল| কুঁৱৰীয়ে এতিয়াহে ভালকৈ বুজিব পাৰিলে যে তাইক চোৰে পালে| ভয়ত কুঁৱৰীৰ জ্বৰ-ঘামে ঘামিবলৈ ধৰিলে, মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে, থিয় হৈ থকিব নোৱাৰি তাই বহি পৰিল| এনেতে বুঢ়ীয়ে মাত লগালে, “উঠা মোৰ আই, ভয় নাখাবা, বেজাৰ নকৰিবা| ৰজাৰ ঘৰত্কৈও তুমি মোৰ পোৰ ঘৰত ভালকৈ সুখেৰে খাই-মেলি থাকিব পাৰিবা| উঠি দুটামান ভাত খোৱাহি, মই ভাত ৰান্ধি থৈছোঁ|” বুঢ়ীৰ কথা শুনি কুঁৱৰীয়ে মনটো অলপ ডাঠ কৰি মাত লগালে, “বুঢ়ী আই তুমি কোন?” বুঢ়ীয়ে উত্তৰ দিলে, “মই তাৰ মাক হওঁ| সি মোৰ পো| আমি চহকী আৰু ভাল কুলীয়া মানুহ| সি গাঁৱৰ পৰা, নগৰৰ পৰা ধন-সোণ লুতি-পুটি আনি মোৰ ঘৰ ভৰাই থৈছে, কিন্তু আজিলৈকে বিয়া কৰোৱা নাই| সিদিনা সি ৰজাৰ ঘৰত চুৰ কৰিবলৈ গৈছিল| তাতে বেৰেৰ জলঙাইদি তাৰ নাকতো সুমুৱাই তোমালোক আটাইকেইজনী কুঁৱৰীৰ কথা-বাৰ্তা শুনি আছিল| তাতে তুমি হেনো তোমাৰ কোনো নাই কৈ কান্দিছিলা, সেইদেখি সি তোমাক বুধি কৰি আনিছে| সি তোমাক বিয়া কৰাব| আজি সি গাঁৱলৈ গৈছে, তোমাৰ বিয়ালৈ বয়-বস্তু আনিবলৈ| কাইলৈ উভতি আহিব| আই, তুমি বেজাৰ নকৰিবা, তোমাৰ মহা সুখ হ’ব|” এইবুলি বুঢ়ীয়ে কুঁৱৰীক বুজাই ভাত খাবলৈ আনি দিলে| কুঁৱৰীয়ে কিন্তু ভাত হাতেৰে নুচুলে| ৰাতিটো কুঁৱৰী বুঢ়ীৰে সৈতে একেলগে থকিল| কিন্তু ৰাতিপুৱাই বুঢ়ীক শোৱা চালপীৰাতে কটকটীয়াকৈ বান্ধি থৈ তাৰ ঘোঁৰাশালৰপৰা ভাল তেজী ঘোঁৰা এটা মেলি লৈ ঘোঁৰাত উঠি ফাইদাং মাৰিলে| কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই আহোঁতে বাটৰ এঠাইত দেখিলে যে সেই মানুহটো এজোপা গছৰ তলত বহি আছে| সি দূৰৈৰপৰা কুঁৱৰীক দেখি, ঘোঁৰাত উঠি ৰজাৰ চিপাহী আহিছে বুলি ভাবি সাউত্কৰে উঠি হাবিৰ মাজত সোমালগৈ| কুঁৱৰীয়ে সেই গছৰ তল পাই দেখিলে যে গছৰ গুৰিতে কিছুমান বাখৰপতোৱা সোণৰ অলঙ্কাৰ পৰি আছে, মানুহটোৱে লৰালৰিকৈ উঠি পলাই যোৱা বাবে সেইবোৰ লৈ যাব নোৱাৰিলে| কুঁৱৰীয়ে সেই অলঙ্কাৰবোৰ বুটলি লৈ ঘোঁৰা চেকুৰাই ৰজাৰ হাউলি পালত, সকলোৱে দেখি আচৰিত মনিলে| কুঁৱৰীয়ে তেতিয়া সকলোবোৰ কথা আগৰ পৰা গুৰিলৈকে ভাঙি ক’লত সকলো অবাক হ’ল|
মানুহটোৱে তাৰ ঘৰলৈ গৈ কুঁৱাৰী পলাই যোৱা দেখি মাকৰ বান্ধ মোকোলাই দি তেতিয়াই ৰজাৰ নগৰৰ ফালে আহিল| গধূলি সৰু বোৱাৰীয়েকে শাহুয়েকৰ সৈতে কথা পাতি থাকোঁতে সি আকৌ আগৰ দৰে বেৰেৰ জলঙাইদি নাকটো সুমুৱাই কথা শুনি আছিল| চতুৰ সৰু কুঁৱৰীয়ে তাৰ কথা গম পাই লাহেকৈ উঠি গৈ খুৰ এখন আৰু খাৰণীসতাৰপৰা খাৰণী এবাটী আনি সাউত্কৰে গৈ খুৰেৰে তাৰ নাকৰ আগটো বেৰেৰে সৈতে সমান কৰি দিলে আৰু ততালিকে তাত খাৰণীবাটি ঢালি ফকৰাৰে ক’লে-
“কটা যোৱা নাক
খাৰণী দি ঢাক|”
চোৰে “বোপাই ঐ! আই ঐ!” কৈ চিঞৰিবলৈ ধৰিলত ৰজাৰ পহৰীয়াই লৰি গৈ তাক ধৰি পেলালে| তেতিয়া সেইতো চোৰেই কুঁৱৰীক ফাঁকি দি লৈ গৈছিল বুলি কুঁৱৰীয়ে ক’লত ৰজাই তাক শূলত দিয়ালে|
Lotkon – লটকন
এখন দেশত লটকন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখ চোকা আছিল। গিৰিয়েকে টকা-কড়ি ঘটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈনীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে, “মই ঘৰৰ পৰা ওলাই যাওঁ। ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহোঁ।” ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গ’ল।
বামুণ যাওঁতে যাওঁতে বেলি দুপৰ হ’ল। তেতিয়ালৈকে তাৰ পেটত খুদকণ এটিও পৰা নাই। ভোকে পিয়াহে বামুণক জৰ্জৰিত কৰিলে। এনেতে আলিৰ কাষতে বামুণে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গ’ল। দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীয়ে খাই-বৈ উঠি তাৰ আঠ বছৰীয়া পুতেকক দোকানৰখীয়া পাতি সিটো কোঠালিত অলপ শুইছিল। বামুণ দোকানৰ ওচৰত থিয় হ’লতে ল’ৰাটোৱে সুধিলে “তোমাক কি লাগে? তোমাৰ নাম কি?” বামুণে উত্তৰ দিলে, “মই মিঠৈ খাবলৈ আহিছোঁ, মোৰ নাম মাখি।” এইবুলি বামুণে টপ্কৰে মিঠৈ মুখত সুমুৱাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল’ৰাটোৱে বাপেকক চিঞৰি চিঞৰি মাত লগালে, “মাখিয়ে মিঠৈ খালে ঐ পিতাই, মাখিয়ে মিঠৈ খালে।” বাপেকৰ চিলমিলকৈ টোপনি আহিছিল। পুতেকে টোপনিত ব্যাঘাত জন্মোৱা দেখি বাপেকে আমনি পাই উত্তৰ দিলে, “মাখিয়ে মিঠৈ খাইছে যদি খাওঁক, তই মোক দিগদাৰি কৰি নাথাকিবি।” এই কথা শুনি বামুণে লাহেকৈ ল’ৰাটোক ক’লে, “শুনিলি এতিয়া, তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে।” এইবুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে| ল’ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ ৰিঙিয়াই বাপেকক মাতিলে “পিতাই মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে।” এইবাৰ বাপেকে ভেঁকাহি মাৰি ক’লে, “আধ্যা কৰিলে যদি কৰক তই কেপ্কেপাই নাথাকিবি।” ল’ৰাটোৱে বাপেকক কথাটো ভালকৈ বুজাই ক’বলৈ ভিতৰলৈ উঠি গ’ল আৰু সেই সুৰুঙাতে বামুণে মিঠৈ দোকানীৰ হাতনিপেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা দুকুৰি ৰূপ উলিয়াই লৈ পলায়ুৰ্দ্ধং কৰিলে। বাপেকক জগাই মাখিয়ে মিঠৈ খোৱা কথাটো ভাঙি ক’লত বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ এটাইবোৰ খালে। সি তেতিয়া ল’ৰাটোক খং কৰিলত ল’ৰাটোৱে ক’লে, “মই দেখোন তোমাক গুৰিৰেপৰা কৈয়েই আছিলোঁ মাখিয়ে মিঠৈ খাইছে বুলি, তুমিহে ক’লা খাওঁক।” বাপেকে ক’লে “তই কৈছিলি মাখিয়ে খাইছে বুলি, মানুহে খাইছে বুলি ন’কলি কিয়?” পুতেকে উত্তৰ দিলে, “সি মোক তাৰ নাম মাখি বুলি কৈছিল।” বাপেকে কোনফালে মানুহটো পলাই গ’ল পুতেকক সুধি লৈ তাৰ ঘোঁৰাটোত লৰালৰিকৈ উঠি সেইফালেই খেদি গ’ল।
বামুণে মিঠৈ খাই বেগাবেগিকৈ পলাই গৈ থাকি ভাগৰ লাগি বাটৰ কাষৰে গছ এজোপাৰ তলত বহি জিৰাইছিল। এনেতে হঠাৎ হাবিৰপৰা এটা গাহৰি ওলাই আহি বামুণৰ ফালে চোঁচা ল’লে। বামুণে উঠি গছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰিটোও ঘূৰিবলৈ ধৰিলে। এইদৰে দুয়ো ঘূৰি থাকোতে এবাৰ বামুণে খপকৰে গাহৰিটোৰ নেজত ধৰিলে। বামুণে গাহৰিৰ নেজডাল এৰিব নোৱাৰা হ’ল; কাৰণ এৰিলেই তাক গহৰিয়ে সাং কৰিব।
ইফালে মিঠৈ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে গাহৰিৰ নেজত ধৰি এটা মানুহে এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে। সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি বামুণক সুধিলে, “ককাই, তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে ঘূৰাই আছা কিয়?” বামুণে উত্তৰ দিলে, “তোমাৰ কথাৰ উত্তৰ দিবৰ মোৰ আজৰি নাই।” তুমি জানো দেখা নাই সেই টকা বোৰ?” সি ক’লে “দেখিছোঁ।” বামুণে ক’লে, “গাহৰিটো এইদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকেপতি ৰূপ আদি দিয়ে; সেইদেখি ঘূৰাই আছো।” মিঠৈৰ দোকানীয়ে এই কথা শুনি ভাবিলে, “আজি মোৰ অনেক টকাৰ লোকচান হৈছে, যদি এইদৰে এগাল টকা ঘটি ল’ব পাৰোঁ, তেন্তে ভালেই হয়।” ইয়াকে ভাবি সি বামুণক ক’লে, “ককাই, মোকো পাকচেৰেক ঘূৰাবলৈ দিবানে? ময়ো বৰ বিপদত পৰিছোঁ। মোকো যদি পাকচেৰেক গাহৰিটো ঘূৰাই ৰূপ ঘটিবলৈ দিয়া, বৰ উপকাৰ হয়। এটা জুৱাচোৰে মোক আজি বৰকৈ ঠগি মোৰ বহুত টকা চুৰ কৰি নিলে।” তাৰ কথা শুনি বামুণে ক’লে, “তুমি বিপদীয়া পথিক, তোমাক উপকাৰ কৰিলে মোৰ পুইণ হ’ব, বাৰু ঘূৰোৱা।” এইবুলি সি ঘূৰি থাকোতেই গাহৰিৰ নেজডালত মিঠৈৰ দোকানীক ধৰিবলৈ কৈ, দোকানীয়ে ধৰিলত সাউতকৰে সি নিজে এৰি দি লৰালৰিকৈ ৰূপবোৰ গোটাই দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ’ল আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিবলৈ ধৰিলে, কাৰণ নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব।
বামুণ ঘোঁৰাত উঠি ভালেমান বাট গৈ গধূলি এঘৰত আলহী ৰ’লগৈ। ৰাতি সি তাতে খাই-বৈ শুই ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য’ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ দহ টকা সুমুৱাই থৈ গুচি আহি আকৌ শুই থাকিলহি। ৰাতি ভালকৈ পুৱালত গৃহস্থ শুই উঠিল। আলহী বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ক’বলৈ ধৰিলে, “ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ পৰা নিতৌ ৰাতিপুৱা দহ টকাকৈ ৰূপ পাওঁ; আৰু তাৰেই মই প্ৰতিপ্ৰালিত হওঁ।” বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰ পৰা কিনি ল’বলৈ বৰকৈ খট্-বান্ধকৈ ধৰিলে। দৰ-দস্তুৰ কৰি সি ছ্শ টকা ৰূপত বামুণৰপৰা ঘোঁৰাটো কিনি ল’বলৈ ওলাল। বামুণে প্ৰথমে নিদিও নথওঁকৈ শেষত ক’লে, “বাৰু আৰু আঢ়ৈ কুৰি অৰ্থাৎ ৬৫০ টকা দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া। দি তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা।” গৃহস্থই তাতে মান্তি হৈ টকা আৰু নিজৰ ঘোঁৰাটো বামুণক দি বামুণৰ ঘোঁৰাটো ল’লে। বামুণে ল’ৰালৰিকৈ টোপোলা বান্ধি ৰূপগাল লৈ গৃহস্থই দিয়া ঘোঁৰাত উঠি গুচি আহিল। আগেয়ে যি বাটেদি বামুণ গৈছিল সেই বাটেদিয়েই উভতি আহোঁতে সি সেই গছৰ তলত মিঠৈ দোকানীয়ে তেতিয়ালৈ সেই গাহৰিটোৰ নেজত ধৰি ঘূৰি থকা দেখিলে। বামুণক দেখি মিঠৈ দোকানীয়ে মাত দিলে, “মোক ভাল ঠগি গ’লা; ৰূপো নাই অথচ গাহৰিটোৰ নেজত ধৰি ঘূৰি ঘূৰি লেবেজান হ’লো।” বামুণে উত্তৰ দিলে, “ককাই মই তোমাক ঠগোৱা নাই, তুমি মোৰ কথা শুনি যদি লেখি লেখি এশ পাক গাহৰিটোক ঘূৰোৱা তেন্তে দেখিবা নিশ্চয় এশ টকা ৰূপ পাবা।” বামুণে দেখিছিলযে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ আহিছে আৰু এশ পাক ঘূৰিলেই সি পৰি মৰিব; সেইদেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈৰ দোকানীক কৈ ঘোঁৰাচেকুৰাই গুচি গ’ল। দোকানীয়ে অলপ উশাহ পাই ঘূৰাই থাকোঁতে অলপ পৰৰ পিছত গাহৰিটো পৰি মৰি থাকিল। তাৰ পিছত দোকানীয়ে ৰক্ষা পৰিলোঁ বুলি ভাবি তাৰ ঘৰলৈ উভতি গুচি আহিল। বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ পেলাই দি ক’লে “নে এইবোৰ ৰূপ।” ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ মিলিল।
Numoliya Pu ( নুমলীয়া পো) – The Youngest Child
এহাল বুঢ়া-বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল’ৰা হ’ল। বুঢ়াই গুণি-ভাবি পুতেকৰ নাম কি থ’ব বিচাৰি নাপাই, গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ’ল। গণকে বুঢ়াক সুধি-পুছি তাৰ বুঢ়াকালত হোৱা আৰু একেবাৰেই নুমলীয়া দেখি ল’ৰাৰ নাম “নোমল” দিলে।
বুঢ়াই গণকক পানী-গামোচা এখন আৰু এটা চৰতীয়া দি নামটো লৈ ঘৰলৈ উভতিল। বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি “নোমল” “নোমল” কৈ ৰিঙিয়াই আহিছিল। আহোঁতে আহোঁতে লাহে লাহে তাৰ ভুল হৈ নোমলৰ ঠাইত “নেমেল” “নেমেল” ওলাবলৈ ধৰিলে। সি যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাৱৰ ওচৰা-ওচৰি পাওঁতেই সদাগৰে তেওঁৰ নাওখন মেলিবলৈ নাৱৰীয়াহঁতক হুকুম দিলে। নাৱৰীয়াহঁতে নাৱৰ গোঁজ উভালি নাওখন মেলিবলৈ ধৰোঁতেই “নেমেল” “নেমেল” কৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক ক’লে, “দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে।” নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি, সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে; বুঢ়াই সদাগৰৰ কথাৰ উত্তৰ দিবলৈ গ’লে কিজানি সিফালে নামটো পাহৰি যায় ইয়াকে ভাবি কোনো উত্তৰ নিদি, মাথোন বাৰে বাৰে “নেমেল” “নেমেল” কৰিবলৈ ধৰিলে। সদাগৰৰ খং উঠিল– “উস কটা! ইমানদিন ইয়াতে থাকি আজি দিন-বাৰ চাই নাৱখন মেলিবলৈ হুকুম দিলোঁ, আপদীয়া এইটোৱে ক’ৰবাৰপৰা আহি মোৰ শুভ-যাত্ৰাত বিঘিনি জন্মালে। কটা ধৰ ইয়াক।” এইবুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ এপিটন দিয়ালে। মাৰ খাই বুঢ়াই “নেমেল” বুলিবলৈ পাহৰি “নহ’বৰ হ’ল” “নহ’বৰ হ’ল” বুলিবলৈ ধৰিলে। বুঢ়াই “নহ’বৰ হ’ল” “নহ’বৰ হ’ল” কৈ গৈ আছে, এনেতে সেই বাটেদিয়েই ভালকৈ সাজপাৰ পিন্ধি যোৱা মানুহ এটাক সি লগ পালে। মানুহটোৱে বুঢ়াৰ সেই “নহ’বৰ হ’ল” কথাটো শুনি ভাবিলে. সি ভালকৈ ধুন-পেচ্ মাৰি সাজ-পাৰ পিন্ধি আহিছে দেখিহে বুঢ়াই তাক সেইদৰে হাঁহিছে। ইয়াকে ভাবি সি তাৰ হাতৰ লাখুটিডালেৰে বুঢ়াক মাৰ চেৰেক মাৰিলে। বুঢ়াই মাৰ খাই সেই “নহ’বৰ হ’ল” কথাষাৰো পাহৰি “সিটোতকৈ ইটোহে চৰা” বুলি কৈ যাবলৈ ধৰিলে। এনেতে বুঢ়াৰ আগেদিয়েই দুটা গৰলীয়া মানুহ পাৰ হৈ গৈছিল; সিহঁতে ভাবিলে বুঢ়াই সিহঁতৰ গৰল দেখি হাঁহিছে। ইয়াকে ভাবি খং উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলা-গুৰুলকৈ কিলালে। কিল খাই বুঢ়াই চুঁচৰি-বাগৰি কোনোমতে ঘৰ পালেগৈ। ঘৰ পাই সি তাৰ বুঢ়ীক বিপদৰ কথা ভাঙি ক’লত বুঢ়ীয়ে বেজাৰ কৰি বুঢ়াক সুধিলে, “বাৰু যি হ’ল হ’ল, এতিয়া গণকে দিয়া নামটো কি কোৱাচোন?” বুঢ়াই ক’লে,- “কিলৰ তাপত মোৰ মনৰ পৰা নাম-কাম সোপাই পলাই গ’ল; মই নামটো পাহৰিলোঁ।”
বুঢ়াৰ কথা শুনি বুঢ়ীয়ে ক’লে, “পাহৰিলা যদি, পাহৰিলা, কি কৰিম। ল’ৰাৰ নাম থোৱা হ’ল আৰু; এতিয়া আমাৰ মাটিডৰা ৰুবৰ কাৰবাৰ কৰা। বাৰীৰ চুকৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পাৰাগৈ যোৱা|” “নুমলীয়াকৈ” কথাটো শুনিয়েই বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল। বুঢ়াই তেতিয়া খঙত একোনাই হৈ বুঢ়ীক ক’লে,- “হয়, তয়েই যদি মোৰ ল’ৰাৰ নামটো জান, তেন্তে মোক কিয় ইমানখন মাৰ কিল খুৱালি?” এই বুলিয়েই বুঢ়াই ঘৈণীয়েকৰ পিঠিত ঔ পাৰিলে।
ইয়াৰ পিছত বুঢ়া-বুঢ়ীয়ে পুতেকৰ নাম ‘নোমল’ দি খাই-বৈ থাকিল। আমি ঘৰলৈ গুচি আহিলোঁ।
Tikhor Aru Suti Bai (তীখৰ আৰু চুটিবাই)
এক গাৱঁত এহাল মাউৰা ল’ৰা-ছোৱালী আছিল। ল’ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল’ৰাটোৰ বুধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞাঁ মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি–চাপৰ দেখি তাইৰ নাম চুটিবাই দিছিল। সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি–জাগৰি ঠোঙোনা মোঙোনা খাই বৰ দুখত উঠিছিল।
সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা খাবৰ মন গ’ল। সি বায়েকক ক’লে, –
“চুটি –মুটি বাই,
পিঠা খাবৰ মন যায়।”
বায়েকে উত্তৰ দিলে, – “এ বোপাই, মন গলেই জানিবা, খাবি ক’ৰপৰা ? ঈশ্বৰে আমাক সকলো সুখৰপৰা বঞ্চিত কৰিছে। নহ’লেনো আই-বোপায়ে আমাক টিলৌ টিপৌতে এৰি মৰি যায় নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে। কোনোমতে খুজি-মাগি শাকে-পাতে ভাত এগাল খাওঁ; পিঠা খাবলৈ বৰা ধান পাম ক’ত? তেল পাম ক’ত? গুড় পাম ক’ত?”
বায়েকৰ কথা শুনি তীখৰে অলপ পৰ টভক মাৰি থাকি ক’লে,- “চুটিবাই, তই মোক জোখা এৰী কাপোৰখনকে দে, মই ওলাই যাওঁ, এতিয়াই বৰা ধান লৈ আহিমগৈ।” এইবুলি তীখৰে এৰীয়া কাপোৰখন গাত লৈ ওলাই গ’ল।
এঘৰ মানুহৰ ঘৰত বৰাধান মৰণা এটা দেখি তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল। গিৰিহঁতে ধানখেৰ জোকাৰি আতঁৰাইছে, তীখৰে তাক বাৰে ভচহু ফুচুৰি কথা কৈ হহুঁৱাব লাগিছে। এনেতে এবাৰ তীখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে ল’ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে। সি তাক সুধিলে, – “হেৰ’ তীখৰ, তোৰ কি হ’ল অ’?” তীখৰে কেঁকাই কেঁকাই উত্তৰ দিলে- “উস, মই পেটৰ কামোৰণিত ৰক্ষাকে পোৱা নাই। কি কৰোঁ, কলৈ যাওঁ?” মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ’লতে তীখৰে ” উস, মইও ঘৰলৈকে যাওঁ; ইয়াত থাকিলে মৰিম” বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে। ঘৰলৈ আহি তীখৰে বায়েকক – “এইয়া ধান নে” বুলি কৈ কাপোৰখন জোকাৰি ধান এগাল উলিয়াই দিলে। বায়েকৰ মহা ৰং। তাই ক’লে, – “ধান জানিবা পালো, কিন্তু তেল এটোপা পাওঁ ক’ত? তীখৰে – “বাৰু মোক টেকেলী এটা দে” বুলি কৈ বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গ’ল। গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলীশালত তেলপেৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক’লে,-“ককাই, ময়ো বেতেৰিটোৰ ওপৰত উঠিম নে? ভৰ সৰহ হ’লে বেগাই তেল ওলাব।” শালৰ গৰাকীয়ে ক’লে- “উঠিবৰ মন গৈছে যদি উঠ, হানিনো কি?” বেতেৰিৰ ওপৰত উঠিয়েই তীখৰে ৰাগ টানি গীত ধৰিলে,-
“এ সীতা শান্তি এ, তোক মই নোবোলো ভাল
সুবৰ্ণৰ দলিচাই গা জুৰ নহ’লে,
তোক লাগে মিৰিগৰ ছাল .. ”
তীখৰৰ মাতটো বৰ সুৰীয়া ; সেইদেখি তেলশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে। গীতগোৱা হ’লত তীখৰে ক’লে,-“ককাই মোৰ ডিঙিটো চৰ্চৰাইছে, এখন তামোল খাবলৈ পোৱাহেঁতেন ভাল আছিল।” সি এইবুলি ক’লত, গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ’লতে, তীখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এটেকেলিকৈ তেল ভৰাই লৈ গুচি গ’ল। উভতি অহি তীখৰে বায়েকক তেল টেকেলি দিলত বায়েকে ৰং পাই ক’লে,”বাৰু তেল হ’ল, কিন্তু গুড় নহ’লে পিঠা খাবি কিহেৰে?” তীখৰে আকৌ গুড় বিচাৰি লৰ ধৰিলে।
তীখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত গোটাচেৰেক মানুহে কুঁহিয়াৰৰ পেৰি থকা দেখি এটা বুধি সাজি সেই গাঁৱৰ অলপ ওচৰৰ হাবি এচুবাত জুই লগাই দিলেগৈ। যেই পাতত জুই লাগি জ্বলি উঠিল তীখৰে লৰি আহি ফোঁপাই জোঁপাই কুহিয়াৰ পেৰি থকা মানুহ কেইটাক ক’লে,- “ককাই সৰ্ব্বনাশ। সৌ চোৱাচোন, তোমালোকৰ গাৱঁত ধম ধম কৰে জুই লাগিছে। এতিয়া তোমালোকৰ ঘৰ বাৰী পুৰি ভস্ম হ’ব।” মানুহকেইটাই সেই ফালে চাই জুই লগা দেখি, কুহিঁয়াৰৰ শালতে কুঁহিয়াৰ, থালীতে পগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে। তীখৰে সুৰুঙা পাই তাৰে পৰা গুড় একলহ লৈ পলায়ুৰ্দ্ধং কৰিলে।
গুড় পাই চুটিবাইৰ বৰ আনন্দ হ’ল। তাই পিঠা কৰিবলৈ যো-জা কৰোঁতেই হঠাত তাইৰ মনত পৰিল খৰি নাই। তেতিয়া তীখৰৰ বায়েকে ক’লে, -“তীখৰ, ভাল কথাটো হ’ল, খৰিলৈ পাহৰিলোৱেই। খৰি এডালো নাই। বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লুৰি আনিবলৈ লৰ ধৰিলে। এখন গেজেপনি হাবিত সোমাই তীখৰে দাৰে ঘপ ঘপ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে,-“তই কোন অ’? দেখোন ঘপ ঘপ কৰে গছৰ ডাল কাটিব লাগিছ? এইখন মোৰ বাৰী বুলি তই নাজাননে ? তই কিয় মোৰ বাৰীত খৰি লুৰিছ অ’?”
তীখৰে বাঘক দেখি ভয় পাইও ভয়টো লুকাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে,-“অ’ এইটি আমাৰ বাঘ ককাই নে? এৰা ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককায়েনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছো। ভাবিলো তালৈ গৈ বাঘ ককাইকো মাতি যাওঁ আৰু খৰি ডাল চেৰেকো লৈ যাওঁ।”
তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক’লে,-“নিয়া, নিয়া, মোৰ ভাইটি, যিমান খৰি লাগে নিয়া। মই যামতো পিঠা খাবলৈ। তোমাৰ ঘৰত নেখাম আৰু নো কাৰ ঘৰত খাম? পিছে কেতিয়ানো যাব লাগিব? তীখৰে তাৰ ঘৰৰ ফালে আঙুলিয়াই উত্তৰ দিলে,-“সৌফালে যিদিনা বৰ ধোঁৱা দেখিবা, সেইদিনাই।” ইয়াকে বাঘক কৈ তীখৰে খৰি লুৰি লৈ ঘৰ পালেগৈ।
ইয়াৰ পিছত বায়েকে পিঠা ভাজি দিলে; তীখৰে পেট পেলাই খালে, বাঘে তাৰ ভূ কে নেপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগ চোতালত তিতা ধানখেৰ এসোপাত জুঁই লগাই বৰকৈ ধোঁৱা কৰি দি, বায়েকৰ হতুৱাই তিনিখন পিঠা কৰালে। এখন পিঠা পদুলি-মুখত, এখন দুৱাৰ-মুখত আৰু এখন ঢেঁকীৰ ফিচাত সি থৈ দি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল। পদুলিমুখত থোৱাখন বৰা চাউলৰ, দুৱাৰমুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল। বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰমুখৰ খন খালেহি। সেইখন খালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ ফিচাত পিঠা এখন আছে দেখি সেইখনো খালতে তাৰ ডিঙিত ঘা লাগি সি সেপ ঢুকিব নোৱাৰি মৰি থাকিল।
Mekurir Jiyekor Xadhu – The Tale of the Cat’s Daughter
মেকুৰীৰ জীয়েকৰ সাধু
এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল | তাই গাভিনী হৈছিল | ঘৰৰ গিৰিহঁতনীৰো ঠিক সেই সময়তে গা-ভাৰী আছিল | মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক’লে | গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হে, তই চপাই কোচাই আনি দিলেহে মই খাবলৈ আনি দিব পাৰোঁ | নহ’লেনো মই ক’ৰপৰা দিম ?” ইয়াকে শুনি মেকুৰিজনীয়ে সেই দিনাখনৰপৰা অইনৰ ঘৰৰপৰা চুৰ-তাৰি কৰি বা ডকা-হকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে | ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে | সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নেপায় | ইয়াতে তাইৰ মনৰ বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে, “মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক, আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক |”
ইয়াৰ কিছুদিনৰ পাছতে সঁচাসঁচিকৈ গিৰিহঁতনীয়ে দুটা মেকুৰীপোৱালী পালে আৰু মেকুৰীজনীয়ে ছোৱালী দুজনী পালে | আতৌ-পুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনোৰকমে ডাঙৰ কৰিলে | ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ-গাখীৰ ইত্যাদি বিচাৰি যায় | ছোৱালী দুজনী জনা হ’লত সিহঁতে এদিন মাকক ক’লে, “আই তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহ’লে আমি কেনেকৈ জানিম আৰু কি কৰিম ?” তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক’লে, “যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজুপি জঁয় পৰিব আৰু গাখীৰ মলা ক’লা হ’ব | তেতিয়া তহঁতে মোক বিচাৰি যাবি |” ইয়াৰ দিন দিয়েকৰ পিছত তুলসীজোপা জঁয় পৰিল আৰু গাখীৰ মলা কেঁহৰাজ-বৰণীয় হ’ল | তেতিয়া মাকৰ কিবা হ’ল বুলি জানি কান্দি-কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি গ’ল | সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগত এখন নৈ পালেগৈ | নৈৰ গৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গ’ল | তাই আজঁলী দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ’ল আৰু জলকোঁৱৰে মাত লগালে, “যদি তোমাৰ হাতৰ আঙঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰা |” ভনীয়েকতকৈ আঙঠিটো কি ডাঙৰ বস্তু, এই বুলি বায়েকে আঙঠিটো দি পানী আনিলে | ভনীয়েকে পানী খাই বায়েকক আকৌ আঙঠিটো আনিবলৈ পঠিয়াই দিলে | এইবাৰ বায়েক পানীত নামোতেই জলকোঁৱৰে তাইক হৰি নিলে | বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি হিয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে |
ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আহোঁতে অকলশৰীয়া ৰূপহী ছোৱালীজনীক নৈৰ পাৰত বহি কান্দি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ’ল | ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি ল’লে | কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকত্কৈ বেছি মৰম কৰিবলৈ ধৰিলে | খিয়ালতে ই দুজনীয়ে কেনেকৈ মুদৈয়ে এইক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে | তাইৰ প্ৰথমবাৰ অশৌচৰ সময়ত তাইক চকুদুটা কাপোৰেৰে বান্ধি, এটা ঢেঁকীথোৰা পালে বুলি কৈ তাই পোৱা মতা ল’ৰাটো সতিনীয়েকহঁতে নৈত উটাই দিলে | পিছৰবাৰটো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিহঁতে কৈ, আচল মতা ল’ৰাটো নৈত উটাই দিলে | ইফালে জলকোঁৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ল’ৰা দুটাক ভনীয়েকৰ ল’ৰা বুলি জানিব পাৰি তুলি-তালি ডাঙৰ-দীঘল কৰিলে | মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা ভাবি তাইক কুলক্ষণীয়া বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চুৱাপাতনিত ঘৰ এটা সজাই দি থ’লে | তাই চুৱাপাতনিতে দুখেৰে দিন কটাবলৈ ধৰিলে |
এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে তেওঁৰ নাওখন ধৰি ৰাখিলে | মুদৈয়ে নাওখন কোনোৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচুৰ্ত্তি হৈ থকোঁতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই ক’লে, “তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক ঠিৰাঙকৈ কৈ তোমাৰ তামোলৰ হাঁচতিখন আৰু লাখুটিডাল পেলাই থৈ যোৱা, তেহে তোমাৰ নাও মুকলি হ’ব |” মুদৈয়ে উপায় নেপাই এটা বৰসবাহ কৰিবলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাট কৰে এৰাই গ’ল | ইফালে জেঠায়েকে সেই ল’ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰে পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি ক’লে আৰু সেই সকলো কথা সিহঁতৰ বাপেকে পতা বৰসবাহৰ দিনা ৰাইজক ক’বলৈ ক’লে |
সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিডাল আৰু হাঁচতিখন লৈ মুদৈৰ ঘৰৰ ফালে যাবলৈ ধৰিলে | পোনেই গৈ সিহঁতে চুৱাপাতনিত থকা মাকক আই বুলি মাতি পানী খাবলৈ খুজিলত, সিহঁতে চুপতি কৰা বুলি ভাবি কবলৈ ধৰিলে, “মোক কিয় ভেঙুচালি কৰিছাহঁক ? সৌৱা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু যি পাৱ খাগৈ |” তেতিয়া সিহঁতে সকলো খিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকি দি, তাতে অলপ জিৰাই-সতাই সবাহলৈ গ’ল |
সবাহত মানুহ দিহা-দিহি বহিছে, এনেতে খবৰ ওলাল যে চুৱাপাতনিত থকা মানুহ্জনীৰ তাত খাই-বৈ দুজন মানুহ সবাহত বহিছিল | যেতিয়া এই কথা জনাজাত হ’ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে | কথাষাৰ শুনা মাত্ৰকেই দুই ককাই-ভায়েকে গিৰিপ কৰে উঠি মাত লগালে যে, “আমি য’ত সোমাইছিলোঁ তেওঁ আমাৰ আই |” তেতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সোধাত মুদৈয়ে একোকে ক’ব নোৱাৰিলে | তেতিয়া ৰাইজে এই বিষয়ে ক’বলৈ কোৱাত, বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনে | এইবুলি সকলো কথা ভাঙি-পাতি সি কবলৈ ধৰিলে আৰু মুদৈৰ হাঁচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে | মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হ’ল আৰু লাখুটিডাল, হাঁচতিখন নিজৰ বুলি সৈ কাঢ়িলে | তেতিয়া সকলোৱে সতিনীৰ কুমন্ত্ৰণা বুলি বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে | ৰাইজেও একো হাই-উৰুমি নোহোৱাকৈ সবাহ খাই গ’ল | সবাহৰ পিছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি সিহঁতক খেদি দিলে আৰু ল’ৰাদুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সুমালেহি | ল’ৰা দুটিও বাপেক-মাকৰ বুকু জুৰাই ঘৰতে থকিল |
Dighalthengia (দীঘল ঠেঙীয়া) – The Long-Legged One
এজনী বুঢ়ী আছিল | তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুক-টুক টাক-টাককৈ খাই আছিল | তাই শোৱা ঘৰটো বৰ পুৰণি | তাৰ চালৰ খেৰবোৰ উৱঁলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে | এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰোতে, “এ প্ৰভু, দীঘল ঠেঙীয়াই নেপায় যেন” এই বুলি চাঙত উঠি শুই থাকিল |
সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি, বুঢ়ী শুবলৈ বাট চাই আছিল | এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে-মুন্ধাৰে মনে মনে আহি গোহালিৰ গৰু-জাকৰ মাজত সোমাই বুঢ়ী শুবলৈ বাট চাই আছিল | বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে | কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে, “দীঘল ঠেঙীয়াটো বা কি ?”
বুঢ়ীৰ ভাত-ঘুমতি আহিল | চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল | চোৰে ভাবিলে, “কোনটো গৰু ভাল কোনটো বেয়া এন্ধাৰে-মুন্ধাৰে কেনেকৈ চিনিম | এতেকে যিটো গৰুৱে টিকাত হাত দিলেই জপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব |”
ইয়াকে সি থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে | সেইদৰে সি হাত ফুৰাই চাই ফুৰোতে বাঘটোৰ টিকাত হাত পৰিলত বাঘটো জপিয়াই উঠিল | চোৰে ভাবিলে, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব | ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে, এইটো বুঢ়ীয়ে কোৱা কিবা দীঘল ঠেঙীয়াইহে মোক পালে | এই ভাবি বাঘে আকৌ জাপ মাৰি উঠিল | চোৰে ভাবিলে, “ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম |” ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিলতে, বাঘে তাক দীঘল ঠেঙীয়াই ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে | চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে, “সি গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে | আজি মোক সঁচাকৈয়ে দীঘল ঠেঙীয়াইহে পালে |”
দুইও দুইকো দীঘল ঠেঙীয়া ভাবি ভয়তে ততমত এৰিলে |
চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোতেই চোৰে মৰোঁ-জীওঁকৈ বাঘৰ গলধনটো মোটোকাই ধৰিলে | তেতিয়া বাঘে ভাবিলে, “অ ই দীঘল ঠেঙীয়া নহয়, ঘাৰ মোকোটোৱাহে |” বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে | চোৰে বাঘক ঘাৰ-মোটোকায়ো ৰাখিব নোৱাৰি শেষত বাঘৰ নেগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল | লৰৰ কোবত চোৰটো বাঘৰ পিঠিত আৰু ৰব নোৱাৰি বাগৰি মাটিত পৰিল | কিন্তু সি বাঘৰ নেগুৰডাল ইমান বজ্ৰলেপ মুঠিৰে ধৰিছিল, যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে পেপা-কাঢ়ি ৰ’ল | বাঘ লৰমাৰি সাৰিল | সি হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ ভাবিলে, তাক ঘাৰ-মোকোটোৱাই নহয়, পেঁপা-কঢ়াইহে পাইছিল | ইফালে চোৰে হাতত নেগুৰডাল পিটিকি-চিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয়, বাঘৰহে নেজ | তেতিয়াহে তাৰ ভয় লাগিবলৈ ধৰিলে | ৰাতি তেতিয়া ভালেমান আছিল | সেইদেখি সি ৰাতিটোৰ বাকীডোখৰ কটাবলৈ ওচৰৰে ওখ আম গছ এজোপাত উঠিল |
ইফালে বাঘে হাবিত সোমাই তাক পেপা-কঢ়াইপোৱা কথা তাৰ লগৰীয়া ভাই বন্ধুহঁতক ক’লত, সিহঁতে গুণি গাঠি থিৰ কৰিলে যে, “এইটো বৰ লাজৰ কথা হ’ল | সিহঁত বনৰ ৰজা | এতেকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা-কঢ়াই এনে লঘু- লাঞ্চনা কৰিব ই বৰ অসহনীয় কথা | ইয়াৰ প্ৰতিকাৰ নকৰিলে, পেপা-কঢ়াই পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে, সিহঁতৰ কিন্তু অপমানত নাক-কাণ সোপাই যাব আৰু তাৰ বাহিৰেও পেপা-কঢ়া বুলি যদি কোনো জন্তু সিহঁততকৈ বলী হৈ ওলায়, তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰী-ভাৰী, পানী-ভাৰীৰ শাৰীত পৰিবগৈ |” সেইদেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতিলে, ইয়াকে আলচ কৰিবলৈ যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেপা-কঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত |
দুকুৰিমান বাঘে পেপা-কঢ়াক বিচাৰি চলাথ লগালে, কিন্তু ক’তো সিহঁতে পেপা-কঢ়াক নেদেখিলে | শেহত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিলত, সি পেপা-কঢ়াক তাত বহি থকা দেখিলে | সেইটো পেপা-কঢ়া বুলি আঙুলিয়াই দেখুৱালত এটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল | কিছুপৰ সিহঁতে ভাবি-চিন্তি বুধি এটা সাজিলে | পেপা-কঢ়াক ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা, আকৌ সেইটোৰ পিঠিত আন এটা, সেইদৰে উঠি উঠি ওখহৈ গ’ল | চোৰে ভাবিলে যে এতিয়া সৰ্বনাশ | এতিয়াহে বিপাঙে মৰিলোঁ | তৎক্ষণাৎ চোৰেও এটা বুধি উলিয়ালে | সি দেখিলে যে, নিচেই তলত পেপা-কঢ়াই পোৱা বাঘটো | সেই নেগুৰখৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে, “খৰা, চাবি, চাবি, চাবি |” খৰা বাঘে ভাবিলে, “আকৌ পেপা-কঢ়াই আনবোৰক এৰি মোকেহে ধৰে নেকি ?” ইয়াকে ভাবি সি সুত্তি-বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে | সি তেনে কৰিলত, তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ ঠল ঠল কৰে মাটিত সৰি পৰিল | সিহঁতেও “আমাকো পেপা-কঢ়াই পালে” বুলি ভাবি বৰকৈ ভয় খাই তৰা নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ’ল |
চোৰে ৰাতিটো তাতে থাকি ৰাতিপুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল; আৰু তেতিয়াৰে পৰা সি চুৰ নকৰো বুলি শপত খালে |
Tejimola (তেজীমলা)
এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন জীয়েক আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল, সেইদেখি মাহীমাকে তুলিতালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল, কিন্তু মাহীয়েকে হলে পেটে-পেটে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল। কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিবলগীয়াত পৰিছিল।
আজি-কালিকৈ তেজীমলা দহ-এঘাৰ বছৰীয়া হ’ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰে সৈতে বাপেকে সখী বন্ধাই দিলে।
তেজীমলাৰ বাপেক বেপাৰ বাণিজ্য কৰা মানুহ; বেহা বেপাৰলৈ নগ’লে নচলে। সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ ৬/৭ মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাবলগীয়াত পৰিল। সেইদেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰুৱা তেজীমলাক ঘৈনীয়েকৰ হাতত গতাই দি ক’লে যে,- “এইবাৰ মই ৬/৭ মাহলৈ বিদেশলৈ যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালো। তাই আদৰুৱা ছোৱালী। তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি।”
সাউদনীয়ে ভাবিলে,- “এইবাৰ মোৰ বেছ সুবিধা হৈছে, এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ কুটা, দাঁতৰ শালটো গুচাব পাৰিম। তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ পলুৱাম।” আৰু তাই ভাবিলে- “অকল ঠেকেচিয়ে নেৰোঁ, সেইদৰে এৰিলে বাপেকে আহি সেই কথা কেনেবাকৈ বুজি পালে এখন হাই-উৰুমিৰহে বাহ হ’ব। এই আপদৰ একেবাৰেই জইন মাৰিম। এইক বিয়া দিওঁতে মোৰ ঘৰৰ আদখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব। এই হ’ল মোৰ সতিনীৰ জী। মোৰ কপালততো কোনো ল’ৰা ছোৱালী নহ’লেই, সতিনীৰ এইটোকনো পোহ-পাল কৰি নিৰ্ব্বহ দি মোৰ কি লাভ হ’ব ? বাপেকে এইৰ লগত যিখিনি ধন–বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ হ’ব। হেনজানি এইৰ দেউতাক উভতি অহাৰ আগতেই এটা বুধি কৰি এইৰ ওৰ পেলাব লাগিব।” ইয়াকে মাহীয়েকে ভাবি, সাউদে নাও মেলি যোৱাৰ দিনৰে পৰা তেজীমলাৰ দায়ৰ চেলু বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলৈ পাই দুখ দিবলৈ ধৰিলে। ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰ পৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ তিনি চাৰি দিন সখীয়েকৰ ঘৰত থাকি তেজীমলাই ৰং-ধেমালি কৰি নোৱাই–ধোৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং-ধেমালি কৰি তাই বিয়া খাব।
মাহীয়েকে অনেক দিনৰেপৰা আলচা কথা সিদ্ধি হ’বৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক-মুৰুক কৰি তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াই ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে, -“এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হবনে ?” ; “এইখন ৰিহা সেইখন মেখেলাই তোক শুৱাব নে?” এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম গুণাৰ পাৰি দিয়া খনীয়া কাপোৰ অছিল; শেহত তাকে মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক’লে,- “আইটি, এই কাপোৰযোৰ আৰু খনীয়া কাপোৰ খনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰ যোৰেৰেই সখীয়েৰৰ ঘৰলৈ যা, সখীয়েৰৰ ঘৰৰ ওচৰ পালেই টোপোলাত দিয়া ৰিহা মেখেলা আৰু কাপোৰ পিন্ধিবি, ইয়াৰ পৰা পিন্ধি গলে খোজকাঢ়ি যাওঁতে বাটত ধূলি-মাকতি লাগি ক’লা হ’ব।” ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা মেখেলাযোৰৰ ভিতৰতে মনে মনে এটা নিগনি সুমাইদি আৰু খনীয়া কাপোৰ খনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে।
সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথামতে পাটৰ ৰিহা মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰ যোৰৰ ভিতৰৰপৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰপৰা এটা আঙঠা সৰকি পৰিল। তেজীমলাই দেখি বিচুৰ্ত্তি হ’ল যে ৰিহা-মেখেলাযোৰ নিগনিয়ে কুটি থকাসৰকা কৰিলে আৰু পাৰিদিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই গ’ল, তাই ঠক ঠক কৰে কঁপি ফেকুৰি কান্দিবলৈ ধৰিলে। লগত যোৱা মানুহেও এই কাণ্ড দেখি আচৰিত হৈ, শেহত তেজীমলাক অনেক বুজাই-বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ গৈ তাৰ পৰা এযোৰ ৰিহা-মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে। বিয়াৰ পিছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিলত, মাহীয়েকে তাইক কাপোৰৰ কথা সুধিলত তাই কঁপি কঁপি সেই পোৰা আৰু কুটা কাপোৰৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে কুটা আৰু পোৰা কাপোৰ দেখি কৃত্ৰিম খঙত জ্বলি পকি তেজীমলাক নথৈ গালি শপনি পাৰি মাৰি তাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমলাক টানি আনি মাহীয়েকে ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই নিজে ধুম ধুম কৰে ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাত চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোঁহাত খন খুন্দি পেলালে। সোঁ হাতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিঞঁৰি কান্দিবলৈ ধৰিলত, বাঢ়নি মাৰিডালেৰে মাহীয়েকে তেজীমলাৰ পিঠিত কোবাবলৈ ধৰি তেজীমলাক বাওঁহাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁহাতেৰে তেজীমলাই ধান বঢ়াই থাকোঁতে মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁহাতখনো খুন্দিলে, বাওঁহাত খুন্দি তাৰ পিছত মাহীয়েকে তেজীমলাক সোঁ ভৰিৰে ধান বঢ়াবলৈ কৈ সোঁ ভৰিখনো খুন্দিলে আৰু তাৰপিছত সেইদৰে বাওঁভৰিখনো খুন্দিলে। শেহত মাহীয়েকে তেজীমলাক মূৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মূৰটোও খুন্দি পেলালে। তেজীমলা মৰিল।
এইদৰে গিৰিয়েকৰ আলাসৰ লাড়ু, চেনেহৰ তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাতে গাঁত এটা খান্দি পুতি থলে।
তেজীমলাক পোতা ঠাই ডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হ’ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল। ইফালে ওচৰ–চুবুৰীয়া মানুহে ভালেমান দিন তেজীমালাক দেখিবলে নাপায়, মাহীয়েকক তাইৰ বাতৰি সুধিলত মাহীয়েকে উত্তৰ দিলে, -“তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই |”
এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ চালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলে আহি ক’লে,-‘আই মোক লাও এটি দিয়ক’ তেজীমলা মৰাৰ দিনৰে পৰাই মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল। সেই দেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে, ‘মই তোক লাও দিবলৈ ক’ত পাম ? নিজেই আজি ভালেমান দিন লাও খোৱা নাই।’ মাগনীয়ে ক’লে-‘কিয় আই এনেকৈ কয়, আপোনাৰ ঢেঁকীশালৰ চালতে দেখোন লাও ভৰি লাগি আছে।’ বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে- ‘মই হ’লে দেখা নাই, তইত দেখিছ যদি কেইটা লাগে ছিঙি নে গৈ।’ বুঢ়ীয়ে এই কথা শুনি লাও-গছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোতেই লাওজোপাই বিনাই মাত লগালে,
“হাতো নেমেলিবি লাৱো নিচিঙিবি, ক’ৰে মগনীয়া তই,
পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলাহে মই …..”
লাওগছে মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক ক’লে-‘আই লাও ছিঙিবলৈ হাত মেলোঁতেই মোক এইদৰে লাও জোপাই মাত লগালে। মোক আৰু লাও নালাগে আই, মই গুচি যাওঁ।’ এই বুলি মাগনী বুঢ়ী গুচি গ’ল। তেতিয়া সাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি, কটাৰী এখন লৈ গৈ লাওগছজোপা কাটি টানি নি বাৰীৰ পিছফালে পেলাই দি গুচি আহিল।
লাওজোপা কাটি য’তে পেলাই দিছিল সেইখিনিতে কিছুদিনৰ মূৰত এজোপা জৰাটেঙা হৈ ডালভৰি জৰাটেঙা লাগিল। গছজোপাত জৰাটেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত জৰা টেঙাজোপা দোঁ-খাই পৰিছিল। এদিন কিছুমান গৰখীয়া লৰাই গৰু চৰাওঁতে সেই জৰাগছত জৰা টেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক’লে,”আই আমাক গোটাচেৰেক জৰাটেঙা খাবলৈ দিবানে?” সাউদনীয়ে, “মই ক’ত জৰা পাম ?” বুলি ক’লত সিহঁতে ক’লে, “কিয় আই, আপোনাৰ বাৰীৰ পিছ্ফালে এজোপা জৰাগছত জৰাটেঙা দেখোন ভৰি লাগি আছে।” সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে –” মই হ’লে ক’ত জৰাটেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰি নেগৈ।”
সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰা কেইটাই জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোতেই গছজোপাই বিনাই মাত লগালে,
“ভাইও বোলোঁ মই, ককাইও বোলোঁ মই , গাঁৱৰে গৰখীয়া।
হাতো নেমেলিবি, জৰাও নিছিঙিবি, ঘৰলৈ উভতি যা |
পাট কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই”
গৰখীয়া লৰাহঁতে এই বিননি শুনি কিবা দেও-ভূত গছজোপাত আছে বুলি জৰাটো নিছিঙি তাৰপৰা আহি সাউদনীক এই কথা কৈ গুচি গ’ল। সাউদনীৰ চাঁটকৰে মনত পৰিল যে তাই লাও গছ জোপা কাটি সেইখিনিতে পেলাইছিল। এইকথা মনত পৰিলত তাই বুজিলে যে তেজীমলাই হে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰাগছজোপা কাটি নৈত উটাই দিলে।
জৰা গছজোপা নৈত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদুম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ’ল। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেক নাৱেৰে আহোঁতে নৈৰ ঘূলিত গছজোপাত সুন্দৰ পদুম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাওঁ বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোতেই পদুমে বিনাই গালে,-
“হাতো নেমেলিবি, ফুলো নিচিঙিবি, ক’ৰে নাৱৰীয়া তই |
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলাহে মই ॥”
ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে ফুলে বিনাই মাতিলে,-
“হাতো নেমেলিবা, ফুলো নিচিঙিবা, চেনেহৰ পিতাদেউ এ |
পাট-কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই ||”
বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাৱৰ কথা আগৰেপৰা জানি থৈছিল, সেই কাৰণে ভাবিলে যে, “এইজনী নিশ্চয় তেজীমলা।” ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাওঁহাতত তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোঁহাতত এটা লাড়ু লৈ ক’লে যে, “যদি তই মোৰ তেজীমলাহে হয়, তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চোবাটি খাবি। আৰু যদিহে নহয়, আন কোনোবাহে হয় তেন্তে লাড়ুটো নিবি।” এইবুলি তেওঁ ক’লতে পদুম ফুলটি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাত পৰি চোবাটি খালে। বাপেকে তেতিয়া সেইটি তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সুমাই লৈ আহিল।
সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে, “তেজীমলা ক’লৈ গল ?” ঘৈণীয়েকে ক’লে,- “মোমায়েকৰ ঘৰলৈ গ’ল।” সদাগৰে ঘৈণীয়েকক ঘুকুটি ঘুকুটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই লৈ সৈ কঢ়ালে। ইয়াৰ পিচত শালিকাটিৰ গাত নিজৰ পানী গামোছাখন তেওঁ পেলাই দি ক’লে,”যদি তই মোৰ তেজীমলা হে আৰু যদি মোলৈ তোৰ মৰম আছে, এই গামোছাখন পিন্ধি তই মানুহ হবি” এই কথা শুনি তেতিয়াই তেজীমলা আগৰ দৰে হ’ল আৰু সাউদে ঘৈণীয়েকক ঘৰৰপৰা খেদাই দিলে।
Xorobjan (সৰবজান) – The All-Knowing One
কোনো এখন গাঁৱত ফৰিং নামেৰে এটা খেতিয়ক মানুহ আছিল। মানুহটোৰ ঘৈণীয়েকজনী আপোন-পেটীয়া ভাৱৰ আছিল। ঘৰখনত মাথোন গিৰিয়েক আৰু ঘৈণীয়েক। সিহঁতৰ সন্তান-সন্ততি হোৱা নাছিল। মাঘমহীয়া অলপ কিনকিনীয়া বৰষুণ। ৰাতিপুৱাই ফৰিঙে শোৱাৰপৰা উঠি ঘৈণীয়েকক ক’লে,-“আজি ডাৱৰীয়া বতৰ ; মোৰ পিঠা খাবৰ মন গৈছে, তই পিঠা খনচেৰেক ভাজি দিব নোৱাৰনে? আজি ভাত নাখাওঁ বুলিছোঁ।” গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে ক’লে,-“পিঠালৈ বৰাধান ক’তা? বৰাধানতো আমাৰ ভঁৰালত নাই। ” গিৰিয়েকে ক’লে,-“তেন্তে কি হ’ব? পিঠা খোৱা নহ’ল দেখিছোঁ।” ঘৈণীয়েকে উত্তৰ দিলে,- “যোৱাচোন কাৰ ঘৰত বৰাধান মাৰিছে চোৱাগৈ। এগাল খুজিয়েই নহয় লৈ আহাগৈ। ” ঘৈণীয়েকৰ কথা শুনি গিৰিয়েকে অলপ পৰ তভক মাৰি ভাবি থাকি এটা বুধি সাজি, গাত এখন এৰীয়া কাপোৰ লৈ ওলাই গ’ল।
ফৰিঙে ওচৰ-চুবুৰীয়া এঘৰত বৰাধানৰ মৰণা এটা দেখি, মৰণাৰ ওচৰতে বহি তাৰ গিৰিহঁতৰ সতে ভাত-খোৱা, শাক-খোৱা আদি সুখ-দুখৰ নানা কথা পাতিবলৈ ধৰিলে। ভালেখিনি পৰ সেইদৰে কথা পাতি তাতে বহি আছিল। মৰণাৰ ধান সৰিল। গিৰিহঁতে খেৰ জোকাৰি ধানবোৰ এফলীয়া কৰিলে। এনেতে ফৰিঙে তাৰ বৰকৈ পেট কামোৰাৰ ভাও ধৰি গাত লৈ থকা এৰিয়া কাপোৰেৰে সৈতে ধানৰ ওপৰত বাগৰ দিলে। একেই কুকুৱা বৰাধান, তাতে এৰিয়া কাপোৰ, ধানে কাপোৰখন তেনেই সি সি ধৰিলে। ধানৰ ওপৰত ভালকৈ তিনি-চাৰি বাগৰ দি ফৰিং উঠি কেকাই কেকাই লাহেকৈ ঘৰলৈ উভতি আহিল। ঘৰ পাই ফৰিঙে এৰীয়া কাপোৰখন জোকাৰি এদোনমান ধান পালে। ঘৈণীয়েকে বৰাধান দোন দেখি ৰং পাই সিজাই ৰ’দত শুকাই-উবাই চাউল উলিয়াই পিঠাগুৰি খুন্দিলে। গধূলি ঘৈণীয়েকে ভাত ৰান্ধি ফৰিঙক খুৱাই অঁতাই, পিঠাৰ খোলা পাতি পিঠা ভাজিবলৈ ধৰিলে। ভাত খাই উঠি ফৰিঙৰ টোপনি আহিলত ফৰিং শুই থাকিল। ঘৈণীয়েকে পিঠা ভাজি ডলা এখনত থৈ অঁতাই, অন্তত সৰহখিনি পিঠা নিজে খাই, মাথোন খনচেৰেক পিঠা বাটি এটাত ভৰাই থৈ দিলে। ঘৈণীয়েকে শুবৰ সময়ত গিৰিয়েকক জগাই ক’লে,- “পিঠা ভজা হ’ল। কিন্তু তোমাৰ সৈতে এটা কথা বান্ধো, কালিলৈ ৰাতিপুৱা আমাৰ দুয়োৰে ভিতৰত যেয়ে শোৱাপাটিৰ পৰা আগেয়ে উঠিব, সেয়ে তিনিভাগৰ এভাগ পিঠা খাব, আৰু যি পিছত উঠিব সি, দুভাগ খবলৈ পাব।” ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল।
পিছদিনা পুৱা শোৱাপাটিৰ পৰা এটাও নুঠা হ’ল। ৰ’দ ওলাই পকিব লগা হ’ল, তথাপি দুয়োটাৰে কোনো নুঠে, দুয়ো টোপনিৰ ভাও জুৰি নাক ঘোৰ্ঘোৰাই শুই আছে শেষত ফৰিঙে দেখিলে যে, এইদৰে সি হাল-কোৰ, বন-বাৰি পেলাই থৈ কিমান শুই থাকিব। ঘৈণীয়েকে পিঠা দুভাগ খাওক, সি এভাগকে খাব। ইয়াকে ভাবি সি উঠি আহিল। গিৰিয়েকক উঠি অহা দেখি ঘৈণীয়েকে মাত লগালে,-“তুমি মোতকৈ আগেয়ে উঠিলা, এতেকে তোমাৰ এভাগ মোৰ দুভাগ।” গিৰিয়েকে উত্তৰ দিলে,-“বাৰু তয়ে খাবি দুভাগ।”
ফৰিঙে পিঠা খাবলৈ গৈ দেখিলে যে, পিঠা খনচেৰেক হে মাথোন আছে। সি ঘৈণীয়েকক সুধিলে,-“আৰু পিঠা ক’তা?” ঘৈণীয়েকে উত্তৰ দিলে আৰু ক’ৰ পৰা পিঠা ওলাব। যি হৈছিল এটাইবোৰ এই বাটিতে আছে। তুমি তাৰে এভাগ খাই দুভাগ মোলৈ থৈ দিবা।” গিৰিয়েকে পেটে পেটে ভাবিলে যে এইটো বৰ আচৰিত কথা, এদোন ধানৰ মুঠেই এই কেইখন পিঠাহে হ’ল। বেৰত আঁৰি থোৱা ডলাখনলৈ এনেতে হঠাত তাৰ চকু গ’লত সি দেখিলে যে তাত পিঠাৰ সাঁচ বান্ধি আছে। সি সেই সাঁচবোৰ লেখি তিনিকুৰি পালে। কিন্তু ঘৈণীয়েকক সি একোকে নকৈ ওলাই আহি বাহিৰত বহিছিল, এনেতে ঘৈণীয়েকে বটাটো উলিয়াই আনি তাক তামোল চালি কাটি দিওঁতেই, সি তামোল এখন হাতত লৈ, ফঁকৰা মাতিলে, “নঙলাতে মঙল, এছাৰিতে দেও। তিনিকুৰি পিঠা খালে নাজানিলে কেও।”
গিৰিয়েকৰ ফঁকৰাটো ঘৈণীয়েকে বুজিব পাৰি লাজত আগৰপৰা উঠি আহি কাষত কলহলৈ পানী আনিবলৈ নৈৰ ঘাট পালেগৈ। ঘাটত কেইবাজনীও চিনাকী তিৰোতা মানুহ দেখি তাই সিঁহতক সেই কথাটো ভাঙি ক’লে যে তাইৰ গিৰিয়েক সৰবজান। তিৰোতা মানুহৰ কথা, ইজনী সিজনীৰ কাণত পৰি বহল হৈ গ’ল, আৰু সকলো গঞা মানুহে ফৰিঙক সৰবজান বুলি জানিলে।
ইতিমধ্যে এটা মানুহৰ ক’লা গৰু এজনী হেৰাইছিল। গৰুৰ গৰাকীয়ে পাঁচদিন সেই গৰুজনী বিছাৰি নাপাই শেষত ফৰিং সৰবজান বুলি শুনি ফৰিঙৰ কাষ পাই গৰুৰ কিবা ভূ ফৰিঙে দিব পাৰেনে বুলি ফৰিঙক সুধিলে। দৈৱক্ৰমে সেইদিনা পুৱা ফৰিঙে তাৰ বাৰীৰ পিছফালে উলুৱনিৰ মাজত সেই ক’লী গাইজনী চৰি থকা দেখি আহিছিল। সেইদেখি ফৰিঙে তাক ক’লে,-“বাৰীৰ পিছফালে এইপিনেই বিচাৰি গ’লে তুমি তোমাৰ গাইজনী পাবা।” মানুহটোৱে ফৰিঙৰ কথামতে গৈ থিতাতে গৰুজনী পাই আনিলে। ইয়াৰ পিছত ফৰিং যে বৰ প্ৰমাণী সৰবজান সেই কথা চাৰিওফালে ডহডহীয়া হৈ পৰিল। এই কথা গৈ ৰজাৰ কাণত পৰিলগৈ। ইতিপূৰ্বে ৰজাৰ ঘৰত এক লাখটকা বেচৰ সোণৰ হাৰ এডাল হেৰাইছিল। ৰজাই অনেক বিচাৰ খোচাৰ কৰি সেই হাৰ ডাল উলিযাব নোৱাৰিলে। সেইদেখি ৰজাই সৰবজানক হাৰ উলিয়াই দিবলৈ মাতিলে। এই কথা টেকেলাই ফৰিঙক ক’লত ফৰিং থিয়ৈ মুচকচ যোৱা যেন হ’ল। নগলেও ৰজাই কাটিব, গৈ হাৰ উলিয়াই দিব নোৱাৰিলেও কাটিব, আৰু সি সৰবজান নহয় বুলি ক’লেও ৰজাই কাটিব। এতেকে সি কি কৰিব একো ভাবি নাপাই, যি কপালত থাকে হ’ব বুলি ঈশ্বৰক চিন্তি ৰজাৰ আগত উপস্থিত হ’লগৈ। ৰজাই সৰবজানক অহা দেখি আদৰ সাদৰ কৰি ঘৰৰ ভিতৰলৈ জলপান খুৱাবলৈ যাবলৈ ক’লত ফৰিঙক ৰজাৰ ঘৰলৈ লৈ গৈ দৈ গাখীৰ, কোমল চাউল গুৰেৰে ভালকৈ এটা জলপান খাবলৈ দিয়া হ’ল।
ৰজাৰ দুজনী কুঁৱৰী; এজনীৰ নাম মাদৈ, এজনীৰ নাম হাদৈ। হাদৈয়েই ৰজাৰ সোণৰ হাৰডাল চুৰ কৰি লুকাই থৈছিল। সৰবজান অহা শুনি ধৰা পৰিম বুলি হাদৈৰ মুখত পানী নাই। সেইদেখি সৰবজানে জলপান খোৱা ঘৰৰ ওচৰতে হাদৈয়ে ঠিয় দি বেৰৰ জলঙাইদি জুমি সৰবজানক চাই আছিল। ভয়ত সৰবজানৰ মুখতো পানী নাই। সি দৈ গাখীৰেৰে জলপান বাটি দেখি আপোনা-আপুনি ক’লে,-“হা দৈ আজিয়েই খাই ল, কাইলৈ ৰজাই কি কৰে চিন নাই।” সৰবজানে এইদৰে কোৱা শুনি সৰু কুঁৱৰী হাদৈয়ে ভাবিলে যে সৰ্বনাশ। মোক সৰবজানে ধৰিলে। ইয়াকে ভাবি কুঁৱৰীয়ে ওলাই আহি সৰবজানৰ হাতত ধৰি ক’লে,- “সৰবজান, মোৰ কথা তুমি নক’বা, তোমাক যি লাগে মই তাকে দিম।” সৰবজানৰ তেতিয়া বুজিবলৈ বাকী নাথকিল যে হাদৈ নামৰ এই ৰাণীজনীয়েই চোৰ। সি গহীন কৈ মাত লগালে,-“আইচু, আপোনাৰ কথা বাৰু নকওঁ, কিন্তু আপুনি হাৰডাল এতিয়াই আনি ৰজাৰ হাতনিপেৰাত থৈ দিয়ক গৈ।” সৰবজানৰ কথা মতেই কুৱৰীয়ে হাৰডাল নি তেতিয়াই ৰজাৰ হাতনিপেৰাত থৈ দিলে।
পিছদিনা ৰজাই ৰাজসভালৈ সৰবজানক মতাই আনি হাৰ কোনে চুৰ কৰি নিছে ক’ব লাগে বুলি সোধাত সৰবজানে ওলগ লৈ ক’লে,-“স্বৰ্গদেউ! বন্দীয়ে কোনেও হাৰ চুৰ কৰা নাপাওঁ। স্বৰ্গদেউৰ হাতনিপেৰাতে হাৰ থকা মোৰ ভাৱ হয়।” তেতিয়াই ৰজাই হাতনিপেৰা অনাই মেলি চালে। দেখিলে সঁচা, হাৰ তাতে আছে। কথাটো দেখি সকলো আচৰিত হ’ল। ৰজাই সৰবজানক মাটি-বাৰী, ধন-বস্তু, বটা দি মান ধৰি ৰজাৰ সভাতে সভাসদ কৰি ৰাখিলে। এদিন ৰজাই হাতৰ মুঠিতে ফৰিং এটা সুমুৱাই মুঠিমাৰি ধৰি সৰবজানক- “মোৰ হাতৰ মুঠিত কি আছে কোৱা?” -বুলি সুধিলত তাৰ তালু ফুটি জীৱ গ’ল যেন পাই, বেজাৰতে ক’লে, “এক ক’লো লেখি, এক ক’লো দেখি, হা দৈ বোলোতে ওলাল হাৰডাল, এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল”
ৰজাই সৰবজানৰ নামটো জনা নাছিল। সেইদেখি,” ফৰিঙৰ মৰণৰ কাল” শুনি হাতৰ মুঠিত থকা ফৰিঙৰ কথাটো কৈছে বুলি বুজি সন্তোষ পাই মুঠিৰ ফৰিঙটো এৰি দি সৰবজানক নিজৰ গাৰ সাজ-কাপোৰ সোলোকাই দি বটা পিন্ধালে।
এদিন ৰজাই হাতৰ মুঠিত শেলুক এটা লৈ সৰবজানক-“মোৰ হাতৰ মুঠিত কি আছে?”-বুলি সুধিলত সৰবজানে থত-মত খাই ক’লে,-“স্বৰ্গদেউ, বাৰেপতি শোলকো” ৰজাই শুনিলে, “বুৰেপতি শেলুক।” তেওঁৰ হাতৰ শেলুকৰ কথাহে সৰবজানে কৈছে বুলি সৰবজানক ৰজাই বহুত ধন-সোণ দিলে।
আমাৰ কাপোৰ-কানি ক’লা হ’ল, আমি ঘৰলৈ উভতি আহিলো।
Kukurikona (কুকুৰীকণা) – Night Blindness
এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল | ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ গুণেশ্বৰী | ৰূপেশ্বৰীক বিয়া দিবৰ হ’লত,বাপেকে তাৰ গাঁৱত অনেক প্ৰৱন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীৰ যোৰৰ দৰা বিচাৰি নাপালে | সেইদেখি দূৰৰ গাঁৱৰ দৰা বিচাৰিবলৈ বুলি বাপেক ওলাল | এনেতে ৰূপেশ্বৰীৰ মাকে গিৰিয়েকক ক’লে,-“আপুনি দূৰলৈ দৰা বিচাৰি নাযাব, দূৰত মই ছোৱালী বিয়া নিদিওঁ | ওচৰতে বিয়া দিলে মইৰ সততে ছোৱালী জনী দেখি থাকিবলৈ পাম ; দূৰৈত দিলে সেইটো কেনেকৈ হ’ব?” গিৰিয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অগত্যা ওচৰৰে ডেকা ল’ৰা এটাৰ সৈতে জীয়েক ৰূপেশ্বৰীক বিয়া দিলে |
ৰূপেশ্বৰীৰ গিৰিয়েক কুকুৰীকণা আছিল ; কিন্তু সেই কথা সি লুকুৱাই ৰাখিছিল | সেইদেখি গাৱঁৰ আন আন মানুহে আৰু তাৰ শাহুৱেক –শহুৰেকে সেইটো নাজানিছিল |
জোঁৱায়েকে শহুৰেকৰ গৰু এটা খুজি আনি দিনচেৰেক হাল বাইছিল | এদিন শহুৰেকে জোঁৱায়েকক গৰুটো ওভতাই খুজি পঠিয়ালে | সেইদিনা দৈবাত গৰুটো ঘৰলৈ ওভতি অহাত সন্ধিয়া লাগিছিল | কুকুৰীকণা জোৱায়েক মস্কিলত পৰিল| কেনেকৈ সি গৰুটো নি শহুৰেকৰ ঘৰত দিয়েগৈ| সি ভালেখিনি পৰ ভাবি-চিন্তি থিৰ কৰিলে যে, “গৰুটো শহুৰৰ ঘৰ মুৱাকৈ এৰি দি তাৰ নেজত ধৰি মই গৈ থাকো | তেনেহ’লে সি নিশ্চয় তাৰ চিনাকী ঘৰ ওলাবগৈ|” সি তাকে কৰিলত, গৰুটো গৈ তাৰ আগৰ গোহালিত সোমালগৈ আৰু সিও তাৰ নেজত ধৰি গৈ সেইখিনি পালেগৈ| এনেতে শহুৰেকে জোঁৱায়েকক দেখাপাই সুধিলে, “সেইটি জোঁৱাই নে?” জোঁৱায়েকে উত্তৰ দিলে,-” আপুনি গৰুটো খুজি পঠিয়াইছিল দেখি আনি গোহালিত বান্ধিছোহি|” ইয়াৰ পিছতো জোঁৱায়েক ওলাই নহাত শহুৰেকে মাত লগালে,-“ওলাই আহা ..! তাত কি কৰিছা? হাত-ভৰি ধুই বহি মেলি এমুঠি ভাতকে খোৱাহি | নোখোৱাকৈ নাযাবা |” জোঁৱায়েকে উত্তৰ দিলে,-“এৰা, আপোনালোকৰ গোহালিত গৰু কেইটা আছে,তাকে লেখিহে চাইছো এতিয়া |” শহুৰেকে ক’লে,-” এই, কিনো গৰু লিখিবা, টিকৌটিপৌ মেমেৰা চেৰেলা গৰু গোটাচেৰেকহে আছে ; ভাল কেইটা আৰুবেলি চবকাত পৰি মৰি হজি শুকাইছে” বুলি শহুৰেক ভিতৰ সোমাই গৈ জীয়েক গুণেশ্বৰীক ক’লে,-“আই, ঘটি এটাত পানী এঘটি লৈ যা, ভিনিহিয়েৰক মাতি আনি ভৰি ধুবলৈ পানী দি বহুৱাগৈ |” সিফালে জোঁৱায়েকে গোঁহালিৰ পৰা ওলাই ঘৰলৈ ওভতি যাবলৈ বাট খেপিয়াই ফুৰিছিল; এনেতে খুলশালীয়েকে মাত লগালে,-“ভিনীহিদেউ, আহা ভৰি ধোঁৱাহি, পানী আনিছো|” ভিনীহিয়েকে খুলশালীয়েকৰ মাত শুনি উত্তৰ দিলে,-“আইটী নে? আহা মোক আদৰি নিয়াহি, নহ’লে মই এনেয়ে নাযাওঁ ; মোৰ নিচিনা ভিনীহিনো ক’ত পাইছিলা?” এই কথা শুনি সৰল মনৰ গুণেশ্বৰীয়ে ভিনীহিয়েকৰ হাতত ধৰি কাবৌ-কোকালি কৰি লৈ গৈ ভৰি ধুবলৈ ভিনীহিয়েকক পানী ঘটি আগবঢ়াই দিলে |এনেতে ভিনীহিয়েকে মাত লগালে,-“তুমি মোৰ ভৰি ধুৱাই দিয়া ; আজি ভালেমান দিনৰ মুৰত আহিছোঁ | তোমালোকে দেখিছো মোক সমূলি মৰম নকৰা|” গুণেশ্বৰীয়ে এই কথা শুনি ভিনীহিয়েকে ধেমালি কৰিছে বুলি ভাবি ভিনীহিয়েকৰ ভৰি ধুৱাই দি হাতত ধৰি নি বহিবলৈ ঢৰা পাৰি দি “বহা” বুলি তাতে বহুৱাই দিলে |
এইদৰে জোঁৱায়েকে কিছুপৰ বহি থকাৰ পিছত ভাত খাবৰ হ’ল | শহুৰেক ভাত খাবলৈ বহিল | শাহুৱেকে জোঁৱায়েকলৈ ভাত বাঢ়ি দি বহি আছে ; জোঁৱায়েকক ভাত খাবলৈ মাতিছে কিন্তু সি উঠি নাহে| বৰকৈ মাতিলত জোৱায়েকে উত্তৰ দিলে,-“আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিবইন নোৱাৰো ; আপোনালোকৰ মোলৈ মৰম আছে যদি ইয়াতে ভাত দিয়ক খাওঁ |” জোঁৱায়েকৰ উত্তৰ শুনি শাহুৱেকে ভাত আনি দিলেহি | ভাত দিয়া হ’ল, কিন্তু সি দেখিবলৈ নাপায় ; নাখাই ৰৈ আছে | সেই দেখি গুণেশ্বৰীয়ে মাত লগালে,- “খোৱা, ভিনীহিদেউ খোৱা |” ভিনীহিয়েকে উত্তৰ দিলে,-” তুমি ভাতত মোৰ হাতখন লগাই দিলেহে খাম, নহ’লে নাখাওঁ ; কাৰণ তুমিনো আৰু কিমান দিন বাপেৰাৰ ঘৰত থাকিবা ; অলপদিনৰ মূৰতেই গুচিয়েই যাবা ; এতেকে এই কেইদিনতে তোমাৰ হতুৱাই বন কৰাই লওঁ, তেহে মোলৈ মনত থাকে যদি” ভিনীহিয়েকৰ কথা শুনি গুণেশ্বৰীয়ে তাৰ হাতখন ভাতত লগাই দিলত সি ভাত খাবলৈ বহিল| ইয়াৰপিছত খুলশালীয়েকেও ভাত খাবলৈ ভিতৰলৈ উঠি গ’ল | অলপপৰ পিছতে শাহুৱেকে ওলাই আহি দেখিলে যে জোঁৱায়েকে আৰু সেই পাততে এফালৰ পৰা মেকুৰীয়েও ভাত খাব লাগিছে | তাকে দেখি শাহুৱেকে জোঁৱায়েকক ক’লে,-“বোপা তুমি জানো দেখা নাই, তোমাৰ পাততে এফালে মেকুৰীজনীয়েও ভাত খাব লাগিছে ; খেদি নিদিয়া কেলৈ?” জোঁৱায়েকে উত্তৰ দিলে,-“আই খাওঁক দিয়ক, অকল মানুহে খালেই হয়নে? আন জীৱ-জন্তুৱেও খাব লাগে, মেকুৰীয়েও খাওঁক, ময়ো খাওঁ ; সকলোৱে লাগি ভাগি খাই শেষ কৰোহঁক|” শাহুৱেকে ক’লে,-“নহয় নহয় মেকুৰীজনী খেদাই দিয়া| তোমাৰ অকণো ঘিণ নালাগে নে?” এই বুলি শাহুৱেকে ছুহ ছুহ কৰি মেকুৰীজনী খেদাই দি, মেকুৰীজনী আকৌ আহিলে খেদাই দিবলৈ বুলি জোঁৱায়েকৰ হাতত ডোখৰা খৰি এডাল দি ভিতৰলৈ সোমাই গ’ল| ভিতৰৰ পৰা আকৌ শাহুৱেকে ভজা মাছ আৰু চৰ্চৰীয়া আনি জোঁৱায়েকৰ পাতত দিওঁতে জোঁৱায়েকে ভাবিলে যে আকৌ মেকুৰীজনীয়েহে ভাত খাইছেহি| ইয়াকে ভাবি সি কাঠখৰিডালেৰে শাহুৱেকৰ হাতত মাৰ মাৰি দিলে | মাৰ খাই শাহুৱেক বহি পৰিল| উস উস কৈ শাহুৱেকে মাত লগালে,-“ভাল কৰিলা বোপা, তুমি মোৰ হাততে মাৰ মাৰি দিলা |” তেতিয়া জোঁৱায়েকে কি সৰ্ব্বনশীয়া কাম কৰিলোঁ বুলি জানি, শাহুৱেকৰ ভৰিত ধৰি ক’লে,-” আই, ভাত খাওঁতে খাওঁতে মোৰ টোপনি আহিছিল| মই সমাজিক দেখিছিলোঁ সেই মেকুৰীজনীয়ে আকৌ মোৰ পাতত ভাত খাইছিল বুলি| সেই দেখি মেকুৰী বুলিহে মই মাৰ মাৰি দিলোঁ| আই, মই আপোনাৰ দুটি ভৰিত ধৰি কাবৌকৈ মাতিছো, মোক ক্ষমা কৰক আৰু এই কথা কাকো নকব |” শাহুৱেকে এই কথা শুনি জোঁৱায়েকক বেজাৰ নকৰিবলৈ কৈ ভিতৰলৈ গ’লতে, জোঁৱায়েকে ভাতৰ পাতৰ পৰা উঠি খেপিয়াই বাহিৰলৈ আহি হাত-মুখ ধুলে | এই ঘটনাৰ পিছত সি আৰু লাজত ভিতৰলৈ যাবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ ঘৰলৈ যাবলৈ ধৰিলে | দুখোজমান গৈয়েই সি বাট বিছাৰি নাপাই চোতালৰ আগত থকা কচুৱনিত সোমালগৈ| কচুৱনিত সোমাই সি ভাবিলে,-“এইখন ডাঙৰ হাবি, ৰাতি ইয়াৰ পৰা ওলাই বাট বিচাৰি গৈ ঘৰ পোৱাটো মোৰ পক্ষে অসাধ্য ; এতেকে আজি ৰাতিটোলৈ ইয়াতে মনে মনে সোমাই থাকি ৰাতিপুৱালেই কোনেও নেদেখাকৈ ঘৰলৈ যামগৈ|”
ইয়াকে ভাবি সি নিশ্চিন্ত মনে তাতে বহি থাকিল | ইফালে শাহুৱেক-শহুৰেকে জোঁৱায়েকক নেদেখি, সি ঘৰলৈ গুচি গ’ল ভাবি মনে মনে থাকিল | ইয়াৰ অলপ পিচতে শাহুৱেকে জোঁৱায়েকৰ চুৱা ধুই চৰিয়াৰ চুৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুৱনিৰ মাজলৈ মাৰি পঠিয়ালে | চৰীয়াৰ পানীবোৰ দীঘল দীঘল কচুৰ পাতত পৰি, তাৰপৰা চিটিকি গৈ জোঁৱায়েকৰ গা-মূৰ তিয়াই পেলালে| এইদৰে গাত পানী পৰিলত, জোঁৱায়েকে ভাবিলে বৰষুণহে দিছে | তাকে ভাবি সি মাত লগালে,-“হে মেঘ দেৱতা, কুকুৰীকণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুন নিদিবা; আজি যিবোৰ দুখ পাইছো সেইবোৰেই আঁতিছে আৰু দুৰ্ভগীয়াক দুখ নিদিবা |” জোঁৱায়েকৰ মাত শুনি শাহুৱেকে লৰালৰিকৈ চাকিটো বাহিৰলৈ উলিয়াই আনি দেখে জোঁৱায়েক কচুৱনিৰ মাজত জুৰুলি-জুপুৰি হৈ বহি আছে| তেতিয়া শহুৱেকে জোঁৱায়েকক কুকুৰীকণা বুলি বুজিব পাৰি গিৰিয়েক আৰু জীয়েকক মাতি আনি সকলো কথা কৈ জোঁৱায়েকক তাৰপৰা ধৰি মেলি আনি গা-পা ধুৱাই শুকান চুৰীয়া পিন্ধাই পাটীত শুৱাই থৈ দিলে….
আমাৰ কাপোৰ কানি ক’লা হ’ল, ঘৰলৈ উভতি আহিলোঁ ।
Burhi Aair Sadhu PDF Download
For more you can download this pdf (click this link) for free where you can read all the 30 stories of Burhi Aair Sadhu (বুঢ়ীআইৰ সাধু) in Assamese.